Assam HSLC result 2023: কলা শাখাত পঢ়াৰ মন সপ্তম স্থান প্ৰাপক সুদৰ্শনা ভূঞাৰ

By

Published : May 22, 2023, 8:44 PM IST

Updated : May 22, 2023, 10:30 PM IST

thumbnail

টীয়ক, 22 মে’: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী সুদৰ্শনা ভূঞাই (Assam HSLC result 2023)। টীয়ক বলমাৰ পাইপ লাইনৰ নিবাসী অতুল চন্দ্ৰ ভূঞা আৰু জ্যোতিমণি দত্ত ভূঞাৰ একমাত্ৰ কন্যা সুদৰ্শনাই মুঠ 588 নম্বৰ লাভ কৰি অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Surdashna Bhuyan got 7th position in HSLC 2023)।

এই কৃতিত্বৰ বাবে ছাত্ৰীগৰাকীয়ে পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষক তথা শুভাকাংক্ষীসকলক ধন্যাবাদ জনায় । ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন সুদৰ্শনা ভূঞাৰ ৷ পিতৃয়ে সাধাৰণ ব্যৱসায় কৰি কোনোমতে পেটে ভাতে খাই পৰিয়ালটো পোহপাল দি আছে ৷

আৰ্থিক দৈন্যতাৰ মাজতো সুদৰ্শনা ভূঞাই লাভ কৰা এই সফলতাত এতিয়া সমগ্ৰ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে । উল্লেখযোগ্য যে, টীয়ক জাতীয় বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে সৰুৰে পৰা সুদৰ্শনা মেধা সম্পন্ন আছিল ৷ পঢ়াৰ সমান্তৰালকৈ সাংস্কৃতিক দিশতো আগবঢ়া ছাত্ৰীগৰাকী ।

লগতে পঢ়ক : HSLC result 2023 : ভৱিষ্যতে এগৰাকী পদাৰ্থ বিজ্ঞানী হোৱা মন প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰ

Last Updated : May 22, 2023, 10:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.