Dead body recovered: ধুবুৰীৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বিহাৰৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

By

Published : May 18, 2023, 8:27 PM IST

thumbnail

ধুবুৰী, 18 মে’: ধুবুৰীৰ ডুমৰদহৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Mysterious death of a young woman)৷ বৃহস্পতিবাৰে পুৱা ধুবুৰীৰ গৌৰীপুৰৰ বালাজান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ (Dead body recovered in Dhubri) ৷ মৃত যুৱতী গৰাকীৰ কান্ধত এটা স্কুল বেগ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে ৷ 

লগে লগে স্থানীয়ে ৰাইজে গৌৰীপুৰৰ বালাজান আৰক্ষীক খবৰ দিয়াত বালাজান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বালাজান আৰক্ষী চকীলৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে (Suspected murder of a girl) ৷ ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ স্কুল বেগৰ পৰা উদ্ধাৰ কৰা এখন ডায়েৰীত উল্লেখ থকা অনুসৰি যুৱতীগৰাকীৰ নাম পৰিচয় উদ্ধাৰ কৰে ৷ যুৱতী গৰাকীৰ নাম তামান্না পাৰবিন (18)।  

বিহাৰৰ পাইনা জিলাৰ চাইছা আৰক্ষী থানা এলেকাৰ ইৰছাদ আলমৰ কন্যা আছিল পাৰবিন ৷ আনপিনে ডায়েৰীত লাভ কৰা মোবাইল নম্বৰত আৰক্ষীয়ে পাৰবিনৰ পৰিয়ালৰ লগত যোগাযোগ কৰি পৰিয়ালৰ লোকক আহিবলৈ আহ্বান জনায় ৷ পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিচতহে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে ৷ 

লগতে পৰিয়ালৰ লোকৰ পৰা আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি বিগত প্ৰায় তিনি বছৰৰ পৰা যুৱতীগৰাকী মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ৷ যোৱা পাঁচদিনৰ পৰা বিহাৰৰ বাসগৃহৰ পৰা যুৱতীগৰাকী সন্ধানহীন হৈ আছিল ৷

ইপিনে একপ্ৰকাৰ ক্ষত বিক্ষত অৱস্থাত পৰি থকা মৃতদেহটো কোনোবা দুৰ্বৃত্তই অথবা ট্ৰাক চালকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে এয়া পথ দুৰ্ঘটনা নে আন কিবা সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে স্পষ্ট হ’ব ৷ 

লগতে পঢ়ক: Smuggled Timber Sized in Nagaon: উলুৱনী আৰক্ষীৰ জালত পৰিল চোৰাং কাঠ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.