সোণাৰিৰ লংপতীয়া হাবিত চাঞ্চল্যকৰ হত্যাকাণ্ড, গ্ৰেপ্তাৰ অভিযুক্ত

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 3:06 PM IST

thumbnail

সোণাৰি, ১৯ ডিচেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতীয়া হাবিত যোৱা ৯ ডিচেম্বৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । লংপতীয়া হাবিৰ বাসিন্দা গাঠিয়া ঘাটোৱাৰৰ পত্নীৰ বুকু আৰু ডিঙিত প্ৰচণ্ড আঘাত কৰি হত্যা কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে সোণাৰি আৰক্ষীয়ে । সোণাৰি আৰক্ষীৰ উপ-পৰিদৰ্শক নৱ কুমাৰ দাসৰ নেতৃত্বত ন দিনৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মহিলাগৰাকীয়ে ন ডিচেম্বৰৰ বিয়লি প্ৰায় পাঁচ বজাত ওচৰৰে এঘৰত আয়োজিত সকাম খাবলৈ গৈছিল আৰু পুৱা মহিলাগৰাকীৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত নিজ বাসগৃহৰ কাষৰ পথাৰত উদ্ধাৰ হয় ।

ইয়াৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত । তদন্তৰ পাছতেই সিদিনা সকাম অনুষ্ঠিত হোৱা পংকজ ঘাটোৱাৰক আৰক্ষীয়ে সোধা-পোচা কৰে । প্ৰথম অৱস্থাত পংকজক আৰক্ষীয়ে কোনো সন্দেহ কৰা নাছিল । ঘটনা সংঘটিত হোৱা দিনা স্বাভাবিকভাৱেই ৰাইজৰ লগতে মৃতদেহ উদ্ধাৰ হোৱা ঠাইত উপস্থিত আছিল পংকজ ।

পৰৱৰ্তী সময়ত পংকজৰ ভাষ্য বাৰে বাৰে অমিল হোৱাত অধিক জেৰা কৰোতে আৰক্ষীৰ আগত মহিলাগৰাকীক হত্যা কৰা বুলি স্বীকাৰ কৰে । লগতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা শিল-ইটা লুকুৱাই থোৱা স্থান ঘটনাস্থলীত আৰক্ষীৰ লগত উপস্থিত হৈ দেখুৱাই দিয়ে । পংকজ ঘাটোৱাৰে বলাৎকাৰ কৰি পৰৱৰ্তী সময়ত শিল আৰু ইটাৰে প্ৰহাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে যদিও ঘটনাটো কিয় সংঘটিত হ'ল সেই কথা আৰক্ষীয়ে এতিয়াও ৰাজহুৱা কৰা নাই ।  

লগতে পঢ়ক:সামৰণি পৰিল অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.