Ambulance service: বৰহোলা সামুহিক চিকিৎসালয়ত এম্বুলেন্স সেৱা মুকলি সাংসদ তপন কুমাৰ গগৈৰ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:11 PM IST

thumbnail

তিতাবৰ, 6 অক্টোবৰ : বৰহোলা সামূহিক চিকিৎসালয়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা বিভাগৰ সৌজন্যত শুকুৰবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৷ বৃহত্তৰ বৰহোলা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে এম্বুলেন্স সেৱা মুকলি কৰি অঞ্চলটোৰ বহুদিনীয়া এটা সমস্যা সমাধান হোৱা বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ৷ 

লগতে তেওঁ কয় যে, এই এম্বুলেন্সখনে জনসাধাৰণক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ অঞ্চলটোৰ সৰু সৰু সমস্যাসমূহ এনেদৰেই সমাধান হৈ যাব বুলি তেওঁ আশ্বাস দিয়ে ৷ এই অনুষ্ঠানত সাংসদ তপন গগৈৰ উপৰি তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, তিতাবৰ মহকুমা ও স্বাস্থ্য বিষয়া ডাঃ ৰূপাঞ্জলী ফুকনৰ লগতে চিকিৎসক-নাৰ্চ, কৰ্মচাৰী আৰু স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক: Road Mishap: বৰপেটাৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, এজন গুৰুতৰভাৱে আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.