টিংখাঙৰ ৰাজপথত জ্বলিল সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পুত্তলিকা

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:12 AM IST

thumbnail

ডিব্ৰুগড়, 25 নৱেম্বৰ : জনজাতিকৰণৰ দাবীত টিংখাঙত বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পুত্তলিকা দাহ । চাহ জনগোষ্ঠীকে ধৰি জয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত গুৰুত্বহীন মন্তব্য আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে । শুকুৰবাৰে টিংখাঙৰ পিঠাগুটিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কামাখ্যা প্ৰসাদ তাচাৰ পুত্তলিকা দাহ কৰি সাংসদগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৷

ইয়াৰোপৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই । চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিজেপিৰ বিধায়ক সাংসদসকলে চাহ জনগোষ্ঠীৰ মূল দাবী জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধি সন্দৰ্ভত কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰে আছাৰ সদস্যসকলে ।

আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে । চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা ৰামেশ্বৰ তেলীয়ে জনগোষ্ঠীটোৰ জলন্ত সমস্যাসমূহ সংসদত উপস্থাপন কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীসকলে কামাখ্যা প্ৰসাদ তাচা মুৰ্দাবাদ, বিজেপিৰ কাম নাই, জনজাতিকৰণ প্ৰদান কৰক আদি প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : ATASU bike rally : জনজাতিকৰণৰ দাবীত দুলীয়াজানত আটাছুৰ বাইক ৰেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.