MP Ajit Bhuyan slams BJP: শাসকীয় দলক দুৰ্নীতিগ্ৰস্ত আৰু লুণ্ঠনজীৱী আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:51 AM IST

thumbnail

ৰঙিয়া, 14 নৱেম্বৰ: শাসকীয় বিজেপিক দুৰ্নীতিগ্ৰস্ত আৰু লুণ্ঠনজীৱী বুলি উল্লেখ কৰি দলটোক কটাক্ষ কৰে ৰাজ‍্যসভাৰ সাংসদ তথা ইণ্ডিয়া মিত্ৰজোটৰ নেতা অজিত কুমাৰ ভূঞাই । ৰঙিয়াৰ এক দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি ভূঞাই কয়, "মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবিহনে পীযুষ হাজৰিকাৰ দৰে নেতাৰ কোনো অস্তিত্ব নাই ।" 

সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আয় তথা সম্পত্তি ৰাজহুৱা কৰিবলৈ জনোৱা পূৰ্বে জনোৱা প্ৰত‍্যাহ্বানৰ কথা উল্লেখ কৰি কয়, " পীযুষ হাজৰিকাৰ দৰে নেতাই বৰ্তমানলৈ কিমান সম্পত্তিৰ পাহাৰ গঢ়িলে তাৰ খবৰ অসমৰ সংবাদ মাধ্যমে ৰাজহুৱা কৰা উচিত । লগতে পীযুষ হাজৰীকাই বিৰোধীলৈ প্ৰদান কৰা মন্তব্য অৰ্থহীন বুলি অভিহিত কৰে ৷ 

সাংসদগৰাকীয়ে পীযুষ হাজৰীকাৰ কামেই হৈছে যতে ততে যি তি মন্তব্য আগবঢ়োৱা বুলি উল্লেখ কৰি সংবাদ মাধ্যমক পীযুষ হাজৰীকাৰ দৰে নেতাৰ মন্তব্য গুৰুত্ব সহকাৰে পৰিৱেশন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Media boycott decision by opposition: ’অসমত শাসক পক্ষৰ হৈ ওকালতি কৰা সাংবাদিক যথেষ্ট কম’, সাংসদ অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.