Protest against traffic IC:জাঙুৰ খাই উঠিল মৰিগাঁও ৰিক্সা চালক সন্থা, কিন্তু কিয় ?

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:06 AM IST

thumbnail

মৰিগাঁও, 9 নৱেম্বৰ : ‘আমাৰ ৰিক্সা চালকসকলক ইমান দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ ক’ত পালে ? আমাৰ পিতৃ-মাতৃৰ নাম লৈ গানি পৰাৰ অধিকাৰ কেনেকৈ পালে ? আমি ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি মা-দেউতাক পুহি ৰাখিছো’- এইয়া এজন ৰিক্সা চালকৰ ভাষ্য ট্ৰেফিক আই চি সতীশ দাসৰ বিৰুদ্ধে ৷

প্ৰাপ্ত খবৰ অনুসৰি, মৰিগাঁও ট্ৰেফিক আই চি সতীশ দাসে ৰিক্সা চালক কেইজনমানক বহু বেয়া ব্যৱহাৰ কৰে ৷ অকথ্য গালি-গালাজ কৰাৰ লগতে উলংগ কৰি ৰাস্তাত চোঁচোৰাই লৈ যোৱাৰ দৰে কথাও কয় ৷ ইয়াৰ পিচতেই ক্ষোভত ফাটি পৰে ৰিক্সা চালকসকল ৷ মৰিগাঁও জিলা ৰিক্সা চালক সন্থাৰ সম্পাদক যাদৱ নাথৰ নেতৃত্বত সকলো বহিল প্ৰতিবাদত । মঙলবাৰে মৰিগাঁও আৰক্ষী থানাৰ যানবাহন সহকাৰী পৰিৰ্দশক সতীশ দাসে ৰিক্সা চালকক দুৰ্ব্যৱহাৰ কৰিছিল ৷ তাৰেই প্ৰতিবাদত মৰিগাঁও বিহুতলীত বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আই চি সতীশ দাসে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবীৰে ৰিক্সা চালকসকলে ৰিক্সা নচলোৱাৰো পণ লয় ৷

মঙলবাৰে মৰিগাঁৱৰ ইচ্ছাহিল হক নামৰ এজন ব্যক্তিৰ লগতে চাৰিজনকৈ ৰিক্সা চালকক মৰিগাঁও ট্ৰেফিক আই চি জনে অকথ্য ভাষাৰে গালি-গালাজ কৰাৰ অভিযোগ তুলি সাবস্ত্য কৰে এই প্ৰতিবাদ ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মৰিগাঁও বিহুতলীত একত্ৰিত হয় প্ৰায় শতাধিক ৰিক্সা চালক ৷ মৰিগাঁও আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৰিক্সা চালকসকল ৷ মৰিগাঁও ৰিক্সা চালক সন্থাৰ সম্পাদক যাদৱ কুমাৰ নাথৰ লগতে সকলো ৰিক্সা চালকে উক্ত ঘটনা সন্দৰ্ভত মৰিগাঁও প্ৰশাসনে সম্পূৰ্ণ তদন্ত কৰাৰ আৰু সতীশ দাসে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনায় ৷

লগতে পঢ়ক : Agriculture Exhibition: মৰিগাঁও জিলাত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.