Demand for land patta in Baksa:প্ৰতিবাদী শ্ল’গানেৰে উত্তাল বাক্সাৰ এ বি চি ব্লক

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:16 PM IST

thumbnail

বাক্সা, ৪ অক্টোবৰ : বাক্সা জিলাৰ বাক্সা ৰাজহ চক্ৰ (মুছলপুৰ) ৰ অন্তৰ্গত লক্ষ্মীপুৰ এ ব্লক, ভবানীপুৰ বি ব্লক আৰু দীঘলদোঙা চি ব্লক গাঁৱৰ দহ হাজাৰোধিক লোকে আজিৰ দিনত মাটিৰ পট্টা বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধিয়ে ১৯৫২ চনত অবিভক্ত কামৰূপ জিলাৰ বহু সংখ্যক ভূমিহীন লোকক পি জি আৰ আৰু ভি জি আৰত আদৰ্শ গাঁও স্থাপনৰ লক্ষ্যৰে সংস্থাপিত কৰিছিল এই অঞ্চলত ৷ কিন্তু স্বাধীনতাৰ অমৃত মহোৎসৱ পাৰ হৈ যোৱাৰ পাচতো এই তিনিখন গাঁৱৰ লোকে পাবলৈ সক্ষম নহ’ল মাটিৰ ম্যাদি পট্টা ৷

ইয়াৰ বাসিন্দসকলে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক কৰিছিল আবেদন-নিবেদন । পূৰ্বৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকো আবেদন কৰিও সঁহাৰি নাপালে ৰাইজে । যাৰ বাবে দীঘলীয়া আন্দোলন কাৰ্যসূচী হাতত লৈছে তিনিখন গাঁৱৰ ৰাইজে ।

এ বি চি ব্লক উন্নয়ন সমিতিৰ সম্পাদক ৰুদ্ৰ ঢাকালে বুধবাৰৰ প্ৰতিবাদী ৰাজহুৱা সভাৰ পিচতো চৰকাৰৰ গা নলৰিলে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ হ’ব বুলি হুংকাৰ দিয়ে । আজিৰ প্ৰতিবাদী ৰাজহুৱা সভাত এ. বি. চি. ব্লক উন্নয়ন সমিতিৰ উপৰিও আছু, আছা, আক্ৰাছু, অসম কৃষক সভাৰ সভাপতিকে ধৰি কেবাটাও দল-সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক : Demand for land patta in Guwahati : ভূমিহীন লোকক ভূমিৰ পট্টা নিদিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.