Mobile burst : মোবাইল বিস্ফোৰণ হৈ এজন গুৰুতৰভাৱে আহত

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:05 PM IST

thumbnail

বৰপেটাৰোড, 13 চেপ্টেম্বৰ : বৰপেটাৰোডৰ বিলাসীপাৰাত মোবাইল বিস্ফোৰণ হৈ এজন লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গুৰুতৰভাৱে আহত লোকজন ময়েজ উদ্দিন বুলি জানিব পৰা গৈছে ৷

লোকজনে Realme কোম্পানীৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল। অইন দিনাৰ দৰে লোকজনে মোবাইল ফোনটো চাৰ্জ দি পিন্ধি থকা লুঙিখনৰ পিছপিনে ৰাখিছিল ৷ প্ৰথমে মোবাইলটো প্ৰচণ্ড গৰম হোৱা বুলি অনুভৱ কৰে লোকজনে ৷ লগে লগে লোকজনে মোবাইল ফোনটো উলিয়াই আনিবলৈ হাতখন নিয়াৰ লগে লগে লোকজনৰ মোবাইল ফোনটো বিস্ফোৰণ ঘটে ৷ 

ফলত ময়েজ উদ্দিন নামৰ লোকজনৰ পিঠি ভাগ সম্পূৰ্ণৰূপে পুৰি যায় ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ লোকজনক বৰপেটাৰোডৰ চিকিৎসালয়লৈ লৈ আনে ৷ সম্প্ৰতি লোকজন সংকটমুক্ত যদিও লোকজন চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Anti liquor operation: ধনশিৰি মহকুমাৰ নাওজানত 900 লিটাৰ চুলাই নষ্ট আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.