Anti liquor operation: ধনশিৰি মহকুমাৰ নাওজানত 900 লিটাৰ চুলাই নষ্ট আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:45 PM IST

thumbnail

সৰুপথাৰ, 13 ছেপ্টেম্বৰ : ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ মাজতে গোলাঘাট জিলাৰ নাওজানত সুৰা বিৰোধী অভিযান চলায় নাওজান আৰক্ষীয়ে ৷ নাওজান আৰক্ষী চকীৰ উপ-পৰিদৰ্শক মনোজ হাতীমূৰীয়াৰ নেতৃত্বত এটা দলে জোনাকী পথাৰৰত অভিযান চলাই প্ৰায় 900 লিটাৰ চুলাই নষ্ট কৰে ৷ মহকুমাটোত আৱকাৰী বিভাগৰ চকুত নপৰাকৈয়ে বিভিন্ন অঞ্চলত একাংশ লোকে চুলাইৰ অবৈধ বেহা চলাই আহিছিল ৷ ফলত আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্য অনুসৰি এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ উঠি পৰি অভিযান চলাইছে ৷ আনহাতে
বিগত দিনসমূহত চুলাই মদৰ বাবেই মহকুমাটোৰ বিভিন্ন স্থানত অপ্ৰীতিকৰ ঘটনাৰ লগতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চুলাই মদৰ ভাটিসমূহক লৈ স্থানীয় ৰাইজো অস্বস্তিত ভুগিছিল ৷ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.