বয়োজ্যেষ্ঠ সকলৰ সৈতে মাঘ বিহু উদযাপন বিধায়ক মৃণাল শইকীয়াৰ

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 8:40 PM IST

thumbnail

গোলাঘাট, 15 জানুৱাৰী : গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ সৈতে ভোগালী বিহু উদযাপন খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ৷ গোলাঘাট জিলাৰ খুমটাই সমষ্টিত নিজ গাঁৱৰ বয়োজ্যেষ্ঠ সকলক বিহুৰ উপহাৰ প্ৰদান কৰি একেলগে এসাজ খালে বিধায়ক মৃণাল শইকীয়াই ৷ এনেদৰে সাধাৰণ লোকৰ সৈতে একাত্ম হৈ সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

ভোগালী বিহুৰ দিনটোত যোগীবাৰী গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ আৰ্শীবাদ গ্ৰহণ কৰিলে বিধায়ক গৰাকীয়ে ৷ সমান্তৰালভাৱে প্ৰতিগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিকে একোটাকৈ বিহুৰ উপহাৰ প্ৰদান কৰি তেওঁলোকৰ সৈতে আহাৰ গ্ৰহণ কৰে বিধায়ক মৃণাল শইকীয়াই ৷  

সমাজত যি সকল লোকে নিজকে বিহুৰ সময়ত অকলশৰীয়া অনুভৱ কৰে তেনে লোকৰ সৈতে মাঘ বিহুৰ দিনটোত একেলগে ভোজ-ভাত খোৱা বুলি মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই ৷ লগতে বৰ্তমান মাঘৰ বিহুত পথাৰত সকলোৱে বিহু নাচি থকাটো আমাৰ পৰম্পৰা নহয়, এয়া বৰ্তমান সময়ৰ সৃষ্টি বুলিও মন্তব্য কৰে বিধায়কজনে ৷ 

লগতে পঢ়ক : পৰম্পৰা ৰক্ষা কৰি মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰজ্বলন কৰিলে মেজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.