Free APSC coaching: বিধায়ক জলেন দৈমাৰীয়ে তামুলপুৰত যুৱক-যুৱতীক দিব বিনামূলীয়া APSC ৰ প্ৰশিক্ষণ

By

Published : May 21, 2023, 8:49 PM IST

thumbnail

বাক্সা, ২১ মে’ : তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ যুগান্তকাৰী পদক্ষেপ । বিধায়কৰ নিজা প্ৰচেষ্টাত আজি অৰ্থাৎ দেওবাৰৰ পৰা মুকলি কৰা হ’ল চুপাৰ ১০ ৰ (Launched Super 10)। চুপাৰ ৫ ৰ পিচত চুপাৰ ১০ ৰ জৰিয়তে পুনৰ যুৱক-যুৱতীক বিনামূলীয়া APSC ৰ প্ৰশিক্ষণ দিব তামুলপুৰৰ বিধায়কগৰাকীয়ে ।

অহা ৩১ তাৰিখ পৰ্যন্ত অনলাইনত আবেদন কৰিব পাৰিব বাছনি পৰীক্ষাত বহিবলৈ । ৪ জুনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব এই বাছনি পৰীক্ষা । লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিচত অহা ১১ জুনত নিৰ্বাচিত প্ৰাৰ্থীসকলে অৱতীৰ্ণ হ’ব লাগিব মৌখিক পৰীক্ষাত । ১৪ জুন তাৰিখে দিয়া হ’ব বাছনি পৰীক্ষাৰ ফলাফল (Free APSC coach at Tamulpur) ।

নিৰ্বাচিত প্ৰাৰ্থীসকলক অহা ২০ জুনৰ পৰা দিয়া হ’ব বিনামূলীয়া প্ৰশিক্ষণ । গুৱাহাটীৰ চিভিল ছাৰ্ভিছ এছিভাৰচ পইণ্ট নামৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হ’ব এই প্ৰশিক্ষণ । APSC পৰীক্ষাৰ ছিলেভাচ অনুযায়ী অনুষ্ঠিত হ’ব এই বাছনি পৰীক্ষা । স্নাতক ছাত্ৰ-ছাত্ৰীসকলে ৩১ তাৰিখৰ পূৰ্বেও অনলাইনত কৰিব পাৰিব আবেদন ।

উল্লেখ যে, যোৱা বৰ্ষত বিধায়কগৰাকীয়ে আৰম্ভ কৰা চুপাৰ ৫ ৰ জৰিয়তে বিগত APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক : Ayushman card in Assam : আয়ুস্মান কাৰ্ডে ধেমাজি-লখিমপুৰ বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ মুখলৈ ঘূৰাই আনিছে হাঁহি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.