Love Jihad controversy: প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী বিমল বড়াৰ

By

Published : Jul 28, 2023, 4:24 PM IST

thumbnail

মাজুলী 28 জুলাই: "কৃষ্ণক ভগৱানৰূপে সেৱা কৰি আহিছো । তেনে এগৰাকী ব্যক্তিত্বক টানি আনি যি মন্তব্য আগবঢ়াইছে সেইটো আমাৰ সভ্যতা সংস্কৃতিয়ে নকয় । এই মন্তব্য দুৰ্ভাগ্যজনক । " মহাভাৰতৰ প্ৰসংগ টানি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী বিমল বড়াই । এক বিশেষ কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে কয় যে, "ভাৰতবৰ্ষৰ যি সভ্যতা সেই সভ্যতা মহাভাৰতীয় যুগৰ পৰাই প্ৰতিষ্ঠিত হৈ আহিছে । সেই হাজাৰ বছৰীয়া এই সভ্যতা-সংস্কৃতিৰ আধাৰত আজিৰ সমাজখনে বাট বুলিবলৈ প্ৰেৰণা পাইছে । ইয়াৰ আধাৰতে অসমৰ সমাজ জীৱন গঢ় লৈ উঠিছে । "

তেওঁ লগতে কয় যে, "আমাৰ সত্ৰ নামঘৰত আমি কৃষ্ণ প্ৰেমেৰে বান্ধ খাই আছো । কৃষ্ণক ভগৱানৰূপে সেৱা কৰি আহিছো । তেনে এগৰাকী ব্যক্তিত্বক টানি আনি যি মন্তব্য আগবঢ়াইছে সেইটো আমাৰ সভ্যতা সংস্কৃতিয়ে নকয় । " উল্লেখ্য যে, লাভ জেহাদ সন্দৰ্ভত ভূপেন বৰাই ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই লাভ জেহাদ চলি আহিছে বুলি মন্তব্য কৰিছিল ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মহাভাৰত বা শ্ৰীকৃষ্ণ সন্দৰ্ভত এই আপত্তিজনক মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছিল ৰাজনৈতিক মহলৰ বিভিন্ন নেতাৰ লগতে বহুকেইটা সংগঠন ৷

লগতে পঢ়ক : FIR Against Bhupen Bora : বহুৱা আখ্যা দি ভূপেন বৰাৰ বিৰুদ্ধে হাতত এজাহাৰ লৈ কলিয়াবৰত সত্যৰঞ্জন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.