ধিক মানৱতা; মামণিক বধ কৰি পেলাই দিলে দলগাঁও হাইস্কুলৰ চৌহদত

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:33 AM IST

Updated : Dec 1, 2023, 12:42 PM IST

thumbnail

দলগাঁও, ১ ডিচেম্বৰ : জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্টকাণ্ড ৷ কিয়নো কোনো লোকে মামণিক মাৰি পেলাই থলে দলগাঁও হাইস্কুলৰ চৌহদৰ এডাল গছৰ তলত ৷ অকালতে মামনিক হেৰুৱা দুখিত হৈ পৰিছে হাসমত আলী ৷ মামণি হত্যাৰ উচিত তদন্ত বিচাৰিছে হাসমত আলীয়ে ৷

প্ৰকৃততে আমি উল্লেখ কৰা মামনি হৈছে এজনী ঘোঁৰাৰ নাম ৷ এই ঘোঁৰাজনীৰ গৰাকী হৈছে হাসমত আলী ৷ অইনদিনাৰ দৰে হাসমত আলীয়ে মৰমৰ মামণিক বৃহস্পতিবাৰে নিশা বান্ধি থৈছিল ঘৰৰ ঘোঁৰাশালত ৷ কিন্তু শুকুৰবাৰে পুৱা নিৰ্দিষ্ট স্থানত মামণিক নেদেখি হায়ৰাণ হৈ পৰে হাসমত ৷ তাৰ পাচত হাসমতে দলগাঁৱৰ বিভিন্ন ঠাইত মামণিৰ খবৰ লয় ৷ কিন্তু ক’তো যেন খবৰে নোলাল মামণিৰ ৷

পৰৱৰ্তী সময়ত কোনো লোকে দলগাঁও হাইস্কুলৰ চৌহদত এডাল গছৰ তলত মামণি নামৰ ঘোঁৰাজনীৰ শ পৰি থকা প্ৰত্যক্ষ কৰে ৷ কোনোৱা মানৱ ৰূপী দানৱে মামণিক বধ কৰি পেলাই থৈ যোৱাৰ অভিযোগ তুলিছে ঘোঁৰাৰ মালিকে । আনকি ঘোঁৰাজনীক বধ‌ কৰি কৰি গছৰ‌ পাতেৰে ঢাকি থৈ যোৱা বুলিও উল্লেখ কৰিছে হাসমত আলীয়ে ৷ হাসমতে উল্লেখ কৰা অনুসৰি, মৰা ঘোঁৰাৰ কাষৰ পৰা উদ্ধাৰ হৈছে মদৰ বটল আৰু হেলমেট ।

লগতে পঢ়ক : বিটিআৰত শান্তি ঘূৰি অহাৰ পিচত শিক্ষাৰ্থীসকল সফলতাৰ ফালে ধাৱমান হৈছে : প্ৰমোদ বড়ো

Last Updated : Dec 1, 2023, 12:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.