Rangia robbery case : ৰঙিয়াত পিষ্টল দেখুৱাই ডকাইতৰ দলে ঘৰৰ পৰাই লুটিলে 10 লাখ টকা

By

Published : Jun 22, 2023, 8:24 AM IST

thumbnail

ৰঙিয়া, 22 জুন : ৰাজ্যত সঘনে সংঘটিত হ’বলৈ ধৰিছে ধন লুট আৰু ডকাইতিৰ দৰে অপৰাধ ৷ এইবাৰ ঘটনাৰ স্থান ৰঙিয়াৰ হীৰাগাটা ৷ জানিব পৰা মতে, দিন দুপৰতে সন্ত্ৰাস চলালে 10 জনীয়া দুৰ্বৃত্তৰ এটা দলে । আনকি ধন দাবী কৰি শূণ্যলৈ গুলীচালনা কৰাৰ অভিযোগ ভুক্তভোগীৰ ৷

বিৱৰণি অনুসৰি, হীৰাগাটাৰ ব্যৱসায়ী ৰেকিবুদ্দিন আহমেদে এটা নতুন ব্যৱসায় স্থাপন কৰিবলৈ মাটি বিক্ৰী কৰি ঘৰত মজুত ৰাখিছিল 10 লাখ টকা ৷ ৰেকিবুদ্দিনে ঘৰত ধন ৰখাৰ কথা গম পাইছিল গোসাঁই শৌলমাৰীৰ ৰাজু আলীয়ে ৷ ৰেকিবুদ্দিন আহমেদে উল্লেখ কৰা অনুসৰি, বুধবাৰে ৰাজু আলীৰ নেতৃত্বত প্ৰায় 6 খন গাড়ীত আহিছিল দুৰ্বৃত্তৰ এটা দল ৷

অভিযোগ অনুসৰি, এই দলটোৱে ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰিবলৈ ঘৰলৈ মদৰ বটল নিক্ষেপ কৰিছিল ৷ তাৰ পাচতে দুৰ্বৃত্তৰ দলটোৱে ঘৰত প্ৰৱেশ কৰি ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালক ভয়-ভাবুকি প্ৰদান কৰে ৷ লগতে ঘৰত মজুত ৰখা 10 লাখ দাবী কৰে ৷

ৰেকিবুদ্দিন আহমেদে উল্লেখ কৰা অনুসৰি, দাবী কৰা ধন নিদিলে গুলীয়াই মৰাৰো ভাবুকি প্ৰদান কৰে ৰাজু আলীয়ে ৷ যেতিয়া দাবী কৰা ধন গৃহস্থই দিবলৈ অমান্তি হয়, তেতিয়াই ৰাজু আলীয়ে শূন্যলৈ কেইবাজাঁই গুলীচালনা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ পৰৱৰ্তী পৰ্যায়ত অভিযুক্ত ৰাজু আলীৰ নেতৃত্বত যোৱা দলটোৱে দাবী কৰা ধন লৈ ৰেকিবুদ্দিন আহমেদৰ ঘৰৰ পৰা পলায়ন কৰে ৷

ইফালে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : PMAY scam in Lakhimpur: হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.