ETV Bharat / state

PMAY scam in Lakhimpur: হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Jun 19, 2023, 8:55 PM IST

হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত লখিমপুৰ জিলাৰ কৰুণাবাড়ী উন্নয়নখণ্ডৰ ডিক্ৰং গাঁও পঞ্চায়তত তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে বিহপুৰীয়া আৰক্ষীয়ে ৷ ধৃত তিনি কৰ্মচাৰী হৈছে ডিক্ৰং পঞ্চায়তৰ সচিব নৱকান্ত দলে, পঞ্চায়ত সমন্বয়ক অনুপ ছেত্ৰী আৰু ৱাৰ্ড সদস্য আবুল হাসিম ফাৰুক ৷

3 panchayat employees arrested
হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ

হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ

বিহপুৰীয়া, ১৯ জুন : লখিমপুৰ জিলাৰ কৰুণাবাড়ী উন্নয়নখণ্ডৰ ডিক্ৰং গাঁও পঞ্চায়তত দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ সোমবাৰে হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত পঞ্চায়তটোৰ তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে বিহপুৰীয়া আৰক্ষীয়ে । ধৃত তিনি কৰ্মচাৰী হৈছে ডিক্ৰং পঞ্চায়তৰ সচিব নৱকান্ত দলে, পঞ্চায়ত সমন্বয়ক অনুপ ছেত্ৰী আৰু ৱাৰ্ড সদস্য আবুল হাসিম ফাৰুক ৷

উল্লেখ্য যে, এই তিনি কৰ্মচাৰীৰ বিৰুদ্ধে পঞ্চায়তটোত জালিয়াতিৰে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে ভুৱা হিতাধিকাৰী সৃষ্টি কৰি বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ এই অভিযোগৰ পিচতেই কৰুণাবাড়ী উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাবেৰী বুঢ়াগোহাঁই তৰা এটা গোচৰৰ ভিত্তিতেই বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰয়ে গোচৰ নং 110/23U/S 166(A) 420/406/409/468/34 ভাৰতীয় দণ্ডবিধিৰ অধীনত গ্ৰেপ্তাৰ কৰে তিনিওকে ৷

ধৃত পঞ্চায়ত সচিব, পঞ্চায়ত সমন্বয়ক আৰু ৱাৰ্ড সদস্য্ই জালিয়াতিৰে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে ভুৱা হিতাধিকাৰী সৃষ্টি কৰি মোকলাই নিছিল ধন। জানিব পৰা মতে পঞ্চায়তটোত সংঘটিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰীৰ বিষয়ে বিগত সময়ত উন্নয়নখণ্ডটোৰ তৰফৰ পৰা পঞ্চায়তটোত এক তদন্ত চলিছিল ৷ আৰু সেই তদন্তৰ পিছতেই উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকী তিনি পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছিল ৷

ইপিনে এই তিনি পঞ্চায়ত কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিচতেই পঞ্চায়তটোৰ ভুক্তভোগী একাংশ লোকে সন্তোষ প্ৰকাশ কৰিছে ৷ কাৰণ এশ এবুৰি সমস্যাৰ লগতে এটা আৱাসগৃহৰ অভাৱত পঞ্চায়তটোৰ একাংশ দৰিদ্ৰ লোকে পঞ্চায়তৰ বিষয়ববীয়া আৰু জন প্ৰতিনিধিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰৰ বাবে খাতিৰ কৰি আহিছিল ৷ কিন্তু দৰিদ্ৰ জনসাধাৰণৰ এনে কোনো কথালৈ এই সকল লোকে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ কেৱল সহজলভ্য ধনৰ আশাতেই এই তিনি কৰ্মচাৰীয়ে পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ভুৱা হিতাধিকাৰী সৃষ্টি কৰি কৌশলেৰে লাখ লাখ টকা আত্মসাৎ কৰিছিল ৷

ইপিনে এই বিষয়ত পঞ্চায়ত সভাপতি ভগৱান ছেত্ৰীয়ে ৰহস্যজন স্থিতি লোৱাহে পৰিলক্ষিত হয় ৷ কাৰণ পঞ্চায়তটোত সংঘটিত এনে দুৰ্নীতিৰ বিষয়ে অজ্ঞতা প্ৰকাশ আৰু আজি তিনি কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱা বিষয়টো সাংবাদিকৰ পৰা জনা বুলি মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, পঞ্চায়তটোৰ সভাপতি হিচাপে পঞ্চায়তত ৰূপায়ণ হোৱা সকলো আচঁনিৰ সন্দৰ্ভত সকলো তথ্য জ্ঞাত হ’ব লাগে যদিও কি কাৰণ সভাপতিৰ অজ্ঞাতে এই কাণ্ডটো সংঘটিত হল তাক লৈ পঞ্চায়তটোৰ সাধাৰণ নাগৰিকসকলে প্ৰশ্নৰ অৱতাৰণা কৰিছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.