চাহ বাগিচাৰ ৰাস্তাৰ বাবে কেবিনেটৰ ৮০০ কোটি টকাৰ অনুমোদন - Assam Cabinet Key decisions
Tea garden roads: কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ অসম চৰকাৰৰ । ৰাজ্যৰ ৮০০ খন চাহ বাগিছাৰ লাইনৰ পথ নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাই ৮০০ কোটি টকা । নিৰ্মাণকাৰ্য চলি থকা প্ৰতিখন বিদ্যালয়লৈ এক কোটি টকাকৈ অনুমোদন ।

Published : June 12, 2024 at 8:51 PM IST
গুৱাহাটী, ১২ জুন: ৰাজ্যৰ ৮০০ খন চাহ বাগিছাৰ লাইনৰ পথ নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনালে ৮০০ কোটি টকা । দিছপুৰৰ লোকসেৱা ভৱনত বুধবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ পাচতে সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে আজিৰ কেবিনেটত চৰকাৰী শিক্ষাখণ্ডৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ ৫০০ খন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্যৰে বৰ্তমান ২৫২ খন বিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলি আছে । প্ৰতিখন বিদ্যালয়ৰ বাবে এক কোটি টকাকৈ দিয়া হৈছে । আজিৰ কেবিনেটে ১২৬ খন বিদ্যালয়ৰ বাবে অনুমোদন জনায় । এক কোটি টকাকৈ ব্যয় সাপেক্ষে ১২৬ খন বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব । ইয়াৰ পূৰ্বে কোনো চৰকাৰে এনেদৰে চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে ইমান বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰা নাই ।
পৰ্যায়ক্ৰমে ৰাজ্যৰ চাৰি হাজাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা হ'ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে । আনহাতে সংবাদমেলত মুখ্যমন্ত্রীয়ে এন ই ই টি (নীট) পৰীক্ষাৰ ফলাফলৰ পাছত আজমল ফাউণ্ডেচনৰ ব্যাখ্যা দাঙি ধৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । নীট পৰীক্ষাৰ ক্ষেত্রত অসম চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে অসম চৰকাৰে গঠন কৰা ৰাজ্যিক যুৱ আয়োগৰ কেন্দ্ৰৰ যোগেদি প্ৰশিক্ষণ লোৱা ১৫৩ গৰাকী শিক্ষাৰ্থী এইবাৰৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে ।
ডিব্ৰুগড়ৰ কেন্দ্ৰত প্ৰশিক্ষণ লোৱা ২২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫৩ গৰাকীয়ে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত চিট পাইছে । কেৱল আজমল ফাউণ্ডেচনৰ কথাই কোৱা হয় বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যিক যুৱ আয়োগৰ অধীনত তেজপুৰতো প্ৰশিক্ষণ কেন্দ্ৰ কৰা হৈছে । এই বছৰ নলবাৰী, শিলচৰ আৰু যোৰহাটত কৰা হ'ব । ৰাজ্যৰ প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে এই কেন্দ্ৰ স্থাপন কৰা হ'ব । মুখ্যমন্ত্রীয়ে কয় যে আৰ্থিকভাৱে সচ্চল নোহোৱা পৰিয়ালৰ শিক্ষাৰ্থীক মেডিকেল তথা ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমৰ বাবে পৰিপক্ব কৰি গঢ়ি তুলিবলৈ অসম চৰকাৰে অসম ৰাজ্যিক যুৱ আয়োগৰ জৰিয়তে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

