Minor girl raped and pregnant : পিতৃসম বয়সৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা নাবালিকা

By

Published : Aug 14, 2023, 4:07 PM IST

thumbnail

মাজুলী, 14 আগষ্ট : সত্ৰ নগৰী মাজুলীত এক জঘন্য ঘটনা সংঘটিত হৈছে । এগৰাকী বৃদ্ধৰ কামনা বলি হ’ল ১৬ বছৰীয়া নাবালিকা। নাবালিকাগৰাকী বৰ্তমান চাৰি মাহৰ অন্তঃসত্বা বুলি জানিব পৰা গৈছে ৷

নাবালিকাগৰাকীৰ মাতৃয়ে জানিবলৈ দিয়া মতে, প্ৰথম অৱস্থাত নাবালিকাগৰাকীয়ে ঘৰৰ লোকক এই কথা অৱগত কৰা নাছিল ৷ যোৱা 10 আগষ্ট তাৰিখে নাবালিকাগৰাকীক মাতৃয়ে চিকিৎসালয়লৈ লৈ যাওঁতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ চিকিৎসালয়ত নাবালিকাগৰাকী অন্তঃসত্বা বুলি চিকিৎসকে জনায় পৰিয়ালৰ লোকক ৷ তাৰ পিচত নাবালিকাগৰাকীক ঘৰৰ লোকে এই সম্পৰ্কে সোধা পোচা কৰাত নাবালিকাগৰাকীয়ে ঘটনা বিৱৰি কয় ৷ 

নাবালিকাগৰাকীয়ে কোৱামতে, তেওঁক বহু দিনৰ পৰাই মানসিকভাৱে অশান্তি কৰি আছিল লোকজনে ৷ এদিন তেওঁ নৈৰ পাৰত শৌচ কৰিবলৈ যোৱাৰ সুবিধা লৈ অপকৰ্ম সংঘটিত কৰে অভিযুক্ত সুৰেণ হাজৰিকা নামৰ 55 বছৰৰ ব্যক্তিজনে ৷ নাবালিকাগৰাকীয়ে প্ৰাণৰ ভয়ত এই কথা কাকো কোৱা নাছিল ৷ 

ইয়াৰ পিচতে দেওবাৰে সন্ধিয়া মাজুলী থানাৰ অন্তর্গত বনগাঁও আৰক্ষী চকীত নাবালিকাগৰাকীৰ মাতৃৰ এক গোচৰৰ ভিত্তিত আটক কৰিছে সুৰেণ হাজৰিকাক । উক্ত ঘটনাৰ সম্পৰ্কে মাজুলী থানা ত 77/23 376/read with sec 6/pocso act অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক মাজুলী আৰক্ষীয়ে জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে । মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্তটোক ।

লগতে পঢ়ক: FIR against web portal: বিবাহিত মহিলাই অশ্লীল ভিডিঅ’ৰ বেহা কৰা অপবাদ সংবাদ মাধ্যমৰ; থানাত এজাহাৰ দাখিল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.