Asam Sahitya Sabha conference : শ্বেৰমান আলীয়ে সাহিত্য সভাৰ অধিৱেশনত শ্ৰমদান কৰাটো বিচাৰে ৰণোজ পেগুৱে

By

Published : Jan 31, 2023, 8:56 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিহপুৰীয়া, 31 জানুৱাৰী : ‘‘ভাষাটো কেৱল কেইজনমান মানুহৰ কাৰণে নহয় ৷ ভাষা ৰাজনীতিকৰ কাৰণেও ৷ সাহিত্য সভাত ৰাজনীতিকৰ সমাবেশ ঘটা বুলি কোৱাৰ দৰে সৰু কথাই সাহিত্য সভাক লঘু কৰিব’’৷ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত উপস্থিত হৈ প্ৰসংগক্ৰমে এইদৰে মন্তব্য কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে (Education minister Ranoj Pegu at Narayanpur)৷

উল্লেখ্য যে, মঙলবাৰৰ পৰা নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন (Asam Sahitya Sabha Conference Narayanpur) ৷ অধিৱেশনৰ কাৰ্যসূচীক লৈ সৰৱ চৰ্চা অব্যাহত আছে সাহিত্যানুৰাগীৰ মাজত ৷ সাহিত্য জগতৰ লগত জড়িত লোকতকৈ অধিক ৰাজনীতিকক সাহিত্য সভাৰ অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱাক লৈ বিভিন্ন মহলৰ লগতে সংবাদ মাধ্যমতো চৰ্চিত হৈছে ৷ এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ পেগুক সাংবাদিকে সোধা প্ৰশ্নোত্তৰত কয় যে সমাজত ৰাজনীতিক, অভিযন্তা, কৃষক সকলো থাকে ৷ যদি ঠিকাদাৰসকল সাহিত্য সভাৰ লগত জড়িত হয়, তেন্তে এইটো ঠিকাদাৰৰ অনুষ্ঠান হৈ যাব নেকি বুলি প্ৰশ্ন কৰে ৰণোজ পেগুৱে ৷

আনহাতে বিধায়ক শ্বেৰমান আলীয়ে(MLA Sherman Ali) সাহিত্য সভা গেৰুৱাকৰণ হোৱা বুলি কৰা মন্তব্য প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়-‘‘কোন শ্বেৰমান আলী ? কিধৰণৰ গেৰুৱাকৰণৰ কথা কৈছে তেওঁ ? তেওঁতো ইয়ালৈ অহা নাই ! তেখেতে যদি অসম সাহিত্য সভাক সন্মান জনায়, এটা প্ৰতিনিধিৰ দল লৈ ইয়ালৈ আহক ৷ তেখেতেও যদি এদিন ইয়ালৈ আহি শ্ৰমদান কৰিলেহেতেন ভাল পালোহেতেন’’(Ranoj Pegu on Sherman Ali)৷

উল্লেখ্য,  লোকাৰণ্য হৈ পৰিছে নাৰায়ণপুৰৰ মনিকাঞ্চন ক্ষেত্ৰ ৷ অধিৱেশনৰ 101খন বিপণি থকা গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিবলৈ অধিৱেশনস্থলীত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ অধিৱেশনৰ প্ৰথমটো দিনৰ দুপৰীয়া মন্ত্ৰীগৰাকী উপস্থিত হৈ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিয়েই মঞ্চত এখন সভাত অংশ লয় ৷ সভাত অংশ লৈ অসমবাসীক নাৰায়পুৰৰ অধিবেশনলৈ এপাক আহিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Interview With Ranjit Kumar Das : প্ৰতিদিনে শৰীৰটোক চার্জ দিয়াৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.