ETV Bharat / state

Interview With Ranjit Kumar Das : প্ৰতিদিনে শৰীৰটোক চার্জ দিয়াৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

author img

By

Published : Jan 31, 2023, 7:24 PM IST

Tezpur
Tezpur

মোবাইল ফোনৰ দৰে শৰীৰটোকো অতিকমেও আধাঘণ্টা চাৰ্জ দিব লাগে । শৰীৰচৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মজয়ন্তী উপলক্ষে তেজপুৰ উপস্থিত হোৱা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সাতে ইটিভি ভাৰত, তেজপুৰৰ প্ৰতিনিধি প্ৰণৱ কুমাৰ দাসৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ (Ranjit Kumar Das interview with ETV Bharat) ।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেজপুৰ, ৩১ জানুৱাৰী : মোবাইল ফোন চার্জ দিয়াৰ দৰে নিজৰ দেহকো প্ৰত্যেক দিনে আধাঘণ্টা সময় চার্জ দিয়াৰ বাবে তেজপুৰ চিত্ৰলেখা উদ্যানৰ পৰা আহ্বান জনালে অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Dass) । মঙলবাৰে তেজপুৰত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে পুৱা স্বাস্থ্যৰ যতন লোৱাৰ লগে লগে তেওঁ অনুৰাগীসকলক এক কাউণ্ট ডাউন দিয়ে (Ranjit Kumar Dass interview with ETV Bharat) ।

আনহাতে, সমাগত লোকসভা নিৰ্বাচনৰ বাবেও ই এক কুচকাৱাজ বুলি তেওঁ কয় । অৱশ্যে নিৰ্বাচনলৈ মাজত ৩০০ দিন আছে যদিও তেওঁ দলৰ অনুৰাগীসকলৰ লগত এই বিষয়ত চৰ্চা আৰম্ভ কৰিছে । আনহাতে, ৰাজ্যিক কেবিনেটত (Assam govt cabinet Dibrugarh) এইবাৰ ঘোষণা কৰা তেজপুৰৰ দ্বিতীয়টো ৰাজভৱন স্থাপনৰ বিষয়েও তেওঁ সদৰী কৰে । ইফালে আগন্তুক অসমত হ'বলগীয়া জি-২০ আৰু ৱাই-২০-ৰ (G20 summit in Guwahati) পৰা অসমৰ যুৱক-যুৱতীয়ে যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে (Y20 summit in Guwahati) ।

আমাৰ প্ৰতিনিধিৰে হোৱা কথোপকথনত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে শৰীৰ চৰ্চাৰ গুৰুত্বৰ কথা । উল্লেখ্য, সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত নিশা আহি তেজপুৰত বাহৰ পাতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । তেওঁক ডিব্ৰুগড় কেবিনেটৰ বিষয়ে সোধাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে ।

বিশেষকৈ শক্তি খণ্ডত অসমৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে অংশীদাৰিত্বমূলক শক্তি প্ৰকল্পৰ বিষয়ে দোহাৰে মন্ত্ৰীগৰাকীয়ে । এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰী দাসে কয় যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ লগত কথা পাতিছে । উত্তৰ প্ৰদেশৰ শক্তি উদ্যোগত বিনিয়োগ কৰি তাৰ পৰা শক্তিৰ ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰি থকা বুলিও কয় । আনহাতে, অসমতো ক'ল ইণ্ডিয়াকে ধৰি অন্যান্য শক্তি খণ্ডবোৰক বিদ্যুৎ শক্তি উৎপাদনৰ দিশটোত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনোৱা বুলিও উল্লেখ কৰে ।

আনহাতে, অসমৰ উন্নয়নৰ দিশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোকে ত্বৰান্বিত কৰাৰ লক্ষ্য হাতত লোৱা বুলিও উল্লেখ কৰে । তাৰ বাবেই গুৱাহাটীৰ পিছত বৰাক আৰু সোমবাৰৰ ডিব্ৰুগড়ৰ কেবিনেট বৈঠকত ডিব্ৰুগড়তো এটা সচিবালয় স্থাপনৰ প্ৰস্তাৱ লোৱা বুলি উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । যাৰ ফলত তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট ডিব্ৰুগড়ৰ দৰে ঠাইৰ লোকসকলে আৰু গুৱাহাটীলৈ সতিবালয়ৰ কাম লৈ যাব নালাগিব । তাৰ ফলত তেওঁলোকৰ সময় আৰু ধনো ৰাহি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আনহাতে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মজয়ন্তীত অংশগ্ৰহণৰ বাবে অহা মন্ত্ৰী দাসক বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপনৰ বিষয়ে সোধাত তেওঁ এই বিষয়ে মুখ্যমন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ লগত আলোচনামৰ্মে শীঘ্ৰেই এক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :G20 summit 2023 : গুৱাহাটীক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.