Minister Piyush Hazarika in Udalguri: আজমলৰ নিজৰে সন্মান নাই: পীয়ুষ হাজৰীকা
Published: Nov 17, 2023, 6:04 PM
ওদালগুৰি, ১৭ নৱেম্বৰ : এআইইউডিএফৰ মূৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা । আজি ওদালগুৰি বৰনদীত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই এআইইউডিএফৰ মূৰব্বীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ কয়," সন্মান থকা মানুহৰহে সন্মান লাঘৱ হয়, আজমলৰ নিজৰে সন্মান নাই, মান হানি কেছ কৰি কি লাভ ।"
উল্লেখ্য় যে ওদালগুৰি জিলাৰ নৱ গঠিত ভেৰগাঁও বিধানসভা সমষ্টিত দলৰ সাংগঠনিক স্থিতি সম্পৰ্কে বুজ লোৱাৰ বাবে শুক্ৰবাৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই ভেৰগাঁও সমষ্টিৰ ৭ টাকৈ বুথত দলৰ কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰি দিহা পৰামৰ্শ আগবঢ়ায় । দলৰ সাংগঠনিক স্থিতি সম্পৰ্কে আয়োজিত এই কাৰ্যসূচীত ইএম সঞ্জীত তান্তী, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাসহ দলৰ কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক:দুই যুৱকৰ লক্ষ্য ১৫০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰা