ETV Bharat / state

দুই যুৱকৰ লক্ষ্য ১৫০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰা

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:32 PM IST

দুই যুৱকে ব্যতিক্ৰমি পদক্ষেপ ৷ লক্ষ্য ১৫০০ কিলোমিটাৰ খোজকাঢ়ি উপস্থিত হ'ব অযোধ্যাৰ ৰাম মন্দিৰত । ৯ নৱেম্বৰৰ পৰা এ দুই যুৱকে পদযাত্ৰা শুকুৰবাৰে উপস্থিত হয় বিশ্বনাথত ৷

Lakhimpur youth tour Ayodhya on foot
দুই যুৱকৰ ব্যতিক্ৰমি পদক্ষেপ

দুই যুৱকৰ ব্যতিক্ৰমি পদক্ষেপ

বিশ্বনাথ, ১৭ নৱেম্বৰ : প্ৰদূষণ মুক্ত আৰু প্লাষ্টিক মুক্ত দেশ গঢ়াৰ উদ্দেশ্যে দুই যুৱকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ দুই যুৱকৰ লক্ষ্য ১৫০০ কিলোমিটাৰ পথযাত্ৰা কৰি অযোধ্যাৰ ৰাম মন্দিৰত উপস্থিত হোৱা ৷ লগতে এই পথযাত্ৰাৰ কালচোৱাত মানুহক সজাগ তথা সচেতন কৰি তোলা ৷ লখিমপুৰৰ পৰা যাত্ৰা কৰা দুই যুৱক হৈছে নীতিন দাস আৰু অজয় মিশ্ৰ ৷

উল্লেখযোগ্য যে, বহু ঘাত-প্ৰতিঘাতৰ অন্তত আগন্তুক ২০২৪ চনৰ ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাত নিৰ্মীয়মান অৱস্থাত থকা বহু চৰ্চিত ৰাম মন্দিৰ । এই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা উদ্দেশ্য আৰু প্লাষ্টিক মুক্ত দেশ গঢ়া সপোনৰ বাবে লখিমপুৰৰ নীতিন দাস আৰু উত্তৰ প্ৰদেশৰ অজয় মিশ্ৰই হাতত লৈছে এই পদযাত্ৰাৰ কাৰ্যসূচী ৷

তথ্য অনুসৰি, লখিমপুৰৰ নীতিন দাস আৰু উত্তৰ প্ৰদেশৰ অজয় মিশ্ৰই বিগত ৯ নৱেম্বৰত আৰম্ভ কৰিছিল লখিমপুৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈকে পথযাত্ৰাৰ কাৰ্যসূচী । এই সময়চোৱাত দুই যুৱকে পথচাৰীৰ সৈতে বাৰ্তালাপ কৰি প্লাষ্টিক মুক্ত দেশ গঢ়িবলৈ ৰাইজক সজাগ কৰি যাব ৷ লগতে এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিকবোৰ নিদিষ্ট স্থানত ৰাখিবলৈ এক সজাগতা সৃষ্টি কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দুই যুৱকে ।

বিগত ৯ নৱেম্বৰত লখিমপুৰ পৰা দুই যুৱকে আৰম্ভ কৰা এই পদযাত্ৰাৰ ১৫০ কিলোমিটাৰ অতিক্ৰম কৰি শুকুৰবাৰে উপস্থিত হয় বিশ্বনাথত । দুই যুৱকে জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে তেওঁলোকে বিগত ৭ দিনত ১৫০ কিলোমিটাৰ পথ খোজকাঢ়ি যাত্ৰা কৰিছে ৷ এই যাত্ৰাৰ কালচোৱাত কোনো অসুবিধাৰ সন্মুখিন হোৱা নাই দুই যুৱকে ৷

আগন্তুক ২২ জানুৱাৰীত যিহেতু অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ শুভ উদ্বোধন কৰা হ’ব, সেয়ে সেই অনুষ্ঠানত সুকলমে উপস্থিত হ’ব গৈ বুলি দুই যুৱকে আশা প্ৰাকাশ কৰিছে ৷

লগতে পঢ়ক : মহাবাহু বুকৱেদি কলিয়াবৰৰ শিলঘাটত উপস্থিত এঘাৰ পৰ্যটকৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.