Constituency Delimitation: বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Aug 13, 2023, 4:24 PM IST

thumbnail

যোৰহাট, 13 আগষ্ট : সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে লগে কংগ্ৰেছকে ধৰি ৰাজ্যৰ বিৰোধী দলসমূহে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত খচৰাৰ বিপৰীতে সলনি হ’ল ১৯ টা বিধানসভা সমষ্টিৰ লগতে এটা লোকসভা সমষ্টিৰ নাম । খচৰাত প্ৰকাশ পোৱা অনুযায়ী বিলোপ হ’ল ঐতিহাসিক আমগুৰি সমষ্টি ৷ অগপৰ দুৰ্গ খ্যাত আমগুৰি সমষ্টি বিলুপ্তিৰ লগে লগেই এই সিদ্ধান্তৰ প্ৰতিবাদত অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷

বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ৷ দেওবাৰে যোৰহাটত অনুষ্ঠিত হোৱা অগপৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে প্ৰদীপ হাজৰিকাই পদত্যাগৰ দৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে দলৰ নেতৃত্বই ৷ ৰাইজ পক্ষত থাকি প্ৰদীপ হাজৰিকাই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় তেওঁ ৷

তেওঁ কয় যে প্ৰদীপ হাজৰিকাৰ লগতে অসম গণ পৰিষদে নিৰ্বাচন আয়োগক আমগুৰি সমষ্টি বিলুপ্তিৰ প্ৰস্তাৱ বাতিল আৰু বিভিন্ন বিষয়ত আয়োগক লিখিত আকাৰে দিয়া হৈছিল ৷ লগতে মন্ত্ৰীজনে কয় যে, কলিয়াবৰ সমষ্টিৰ বহুখিনি সংশোধনৰ বাবে দিয়া হৈছিল ৷ কিন্তু এটাও সংশোধন গ্ৰাহ্য নহ’ল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷  

লগতে পঢ়ক : Protest against price hike : শিৱসাগৰত মুখ্যমন্ত্ৰীক "বেলচা মামা" আখ্যা অসমীয়া যুৱ মঞ্চৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.