Protest against price hike : শিৱসাগৰত মুখ্যমন্ত্ৰীক "বেলচা মামা" আখ্যা অসমীয়া যুৱ মঞ্চৰ

By

Published : Aug 13, 2023, 2:49 PM IST

thumbnail

শিৱসাগৰ, 13 আগষ্ট : ‘‘ৰাজ্যৰ যোগান বিভাগৰ দৰে এটা বিয়াগোম বিভাগত থাকি সফলভাৱে ৰাইজৰ শাও খাবলৈ সক্ষম হৈছে যোগানমন্ত্ৰী ‘গেঞ্জী’ দাস ওৰফে ৰণজিৎ দাসে ৷ সেয়ে তেওঁক সফল ব্যৰ্থ যোগান মন্ত্ৰীৰ উপাধি প্ৰদান কৰা হৈছে ৷ লগতে বিভিন্ন আঁচনিৰে ৰাইজক আভুৱাভাৰি চামুচেৰে দি বেলচাৰ কাঢ়ি নিয়া অসম মুখ্যমন্ত্ৰীক ‘বেলচা মামা’ উপাধি প্ৰদান কৰা হৈছে ৷’’

দেশ তথা ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম ৷ ফলত বিপাঙত পৰিছে সাধাৰণ জনগণ ৷ ৰাজ্যত প্ৰতিমুহূৰ্ততে বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ বিৰোধিতাৰে দেওবাৰে শিৱসাগৰ নগৰৰ কাৰেং তিনি আলিত অসমীয়া যুৱ মঞ্চৰ জয়সাগৰ আঞ্চলিকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

এই প্ৰতিবাদস্থলীতে প্ৰতিবাদকাৰীসকলে প্ৰতিকী মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীক আলু-পিয়াঁজৰ মালা পিন্ধাই ‘‘ব্যৰ্থ যোগান মন্ত্ৰী’’ আৰু ‘‘বেলচা মামা’’ আখ্যা দিয়ে ৷

লগতে পঢ়ক : Protest against price hike:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সামাজিক সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.