Jogen Mohan reaction: যদি দললৈ কোনোবা আহিব খোজে তেন্তে আমি বাধা নিদিওঁ; মন্ত্ৰী মহন

By

Published : Apr 23, 2023, 7:18 PM IST

thumbnail

মৰাণ, 23 এপ্ৰিল: "কংগ্ৰেছত কোনো ভাল মানুহ থাকিব নোৱাৰে ৷ কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে ৷ কংগ্ৰেছৰ সংস্কৃতিটোৱেই তেনেকুৱা ৷ সেইবাবে বহু মানুহে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে ৷ ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ মজিয়াত সকলোকে সমানে গুৰুত্ব দিয়ে ৷" কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক দলে বহিষ্কাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় কেবিনেট মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan reaction) ৷  

"অংকিতা দত্তই বিজেপিত যোগদান কৰাটো আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে সিদ্ধান্ত ল’ব ৷ যদি কোনো লোকে দললৈ আহোঁ বুলি কয়, আমি কেতিয়াও বাধা নিদিওঁ ৷ এই সমগ্ৰ বিষয়টো দলৰ হাই কামাণ্ডৰ লগত জড়িত আছে ৷" মৰাণত খাপৰিলাইন পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ মন্ত্ৰীজনে এই মন্তব্য প্ৰকাশ কৰে (Ankita Dutta controversy news)৷ 

লগতে পঢ়ক: Ganja Seized at Tengakhat: গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল লুডু

লগতে মন্ত্ৰীজনে কয় যে, কংগ্ৰেছ দল এতিয়া নিচিহ্ন হোৱাৰ পথত ৷ এইবাৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনো নাপায় বুলি দাবী কৰে মন্ত্ৰীজনে (Ankita dutta may join in BJP) ৷ উল্লেখ্য মাহমৰা সমষ্টিৰ খুমটাই খাপৰি লাইনত জলজীৱন মিচনৰ অধীনত ১০৫.৯২ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া পানীযোগান আঁচনিখনে মুঠ ১২০ টা পৰিয়ালক উপকৃত কৰিব ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.