Ganja Seized at Tengakhat: গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল লুডু

By

Published : Apr 23, 2023, 5:34 PM IST

thumbnail

মৰাণ, 23 এপ্ৰিল : ৰাজ্যজুৰি গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ মাজতে টেঙাখাত আৰক্ষীয়ে নগদ ধন আৰু গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ উপ পৰিদৰ্শক বেবী নেওগৰ নেতৃত্বত টেঙাখাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কাচ গাঁৱৰ লুডু কুৰ্মী নামৰ এটা ৪০ বছৰীয়া গাঞ্জা সৰবৰাহকাৰীক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Ganja Seized at Tengakhat) ৷ 

জানিব পৰা মতে, ধৃত গাঞ্জা সৰবৰাহকাৰীটোৱে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত আছিল ৷ ধৃত গাঞ্জা সৰবৰাহকাৰীটোৰ পৰা হাতে-লোটে ২৪০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে নগদ ৪৫,০০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Ganja peddler detained at Tengakhat) ৷ এই ঘটনাৰ সন্দৰ্ভত গাঞ্জা সৰবৰাহকাৰীটোৰ বিৰুদ্ধে C/no 33/23 - 20(b) (ii) B and 27 ধাৰাত এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Hailstorm in Chabua: নিশা ভয়ংকৰ শিলাবৃষ্টি-ধুমুহাই জোকাৰি গ'ল চাবুৱাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.