Amrit Kalash Yatra: বিজেপিয়ে এতিয়া নিৰ্বাচনত প্ৰচাৰ চলাবলৈ দৰকাৰ নাই; যোগেন মহন

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 9:03 PM IST

thumbnail

মৰাণ, ৯অক্টোবৰ: চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত সৰ্ৱোদয় গাঁও পঞ্চায়তত আজি অনুষ্ঠিত হয় অমৃত কলহ যাত্ৰা । এই যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । ডোমৰদলঙৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । এই যাত্ৰাত অংশগ্ৰহণ কৰি ৰাজহ মন্ত্ৰী যোগেন মহনে আগন্তুক পাঁচ ৰাজ্যত হ'বলগীয়া নিৰ্বাচনত বিজেপিয়েই জয়ী হ'ব বুলি মন্তব্য কৰে ।  

ৰাজহ মন্ত্ৰী যোগেন মহনে লগতে কয় যে বিজেপিয়ে এতিয়া নিৰ্বাচনত প্ৰচাৰ চলাবলৈ দৰকাৰ নাই । কিয়নো দেশবাসীয়ে এতিয়া বিজেপিক আদৰি লৈছে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশবাসীয়ে আদৰি লৈছে বুলি মন্তব্য় কৰে । বিৰোধী যিমান এক লগ হওক ৰাইজ বিজেপিৰ লগত আছে বুলি মন্তব্য কৰি কয় যে বাকী দল সমূহৰ কোনো নেতা নাই, মত নাই । গতিকে সকলো নিৰ্বাচনত বিজেপি জয়ী হ'বই বুলি উল্লেখ কৰে মন্ত্ৰী যোগেন মহনে ।  

লগতে পঢ়ক: Anganwadi workers protest: তেজপুৰত অংগনৱাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.