Anganwadi workers protest: তেজপুৰত অংগনৱাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:36 PM IST

thumbnail

তেজপুৰ, ৯ অক্টোবৰ: শোণিতপুৰ জিলাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাই পাৰিশ্ৰমিক বিচাৰি উত্তপ্ত কৰিলে শ্ৰম বিভাগৰ কাৰ্যালয় । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই দীৰ্ঘদিন ধৰি পাৰিশ্ৰমিক বিচাৰি চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি তেজপুৰ জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে । তেওঁলোকক 'পৰিশ্ৰমৰ মূল্য দিয়ক, মাননি নহয়' বুলি শ্লোগান দিয়ে ।  

শতাধিক কৰ্মী আৰু সহায়িকাই সোমবাৰে এই অসহযোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰিৰ লগতে তেওঁলোকে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি বিচাৰি আজি ৰাজ্যজুৰি চলোৱা অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাবে শোণিতপুৰৰ জিলাৰ সদৰ তেজপুৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে অংগনৱাড়ী কর্মী-সহায়িকাসকলে কেন্দ্ৰৰ মাধ্যমেৰে ছয়টা মৌলিক সেৱা প্ৰদান কৰি থকাৰ উপৰি পোষণ ট্ৰেকাৰ, BLO, NRC, PMMVY, আয়ুষ্মান ভাৰত, পালছ পলিঅ ',অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে । ইয়াৰ পিচতো তেওঁলোকক প্ৰাপ্য মজুৰি প্ৰদান কৰা নাই বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় ।

লগতে পঢ়ক:Anganwadi workers protest: মাজুলীত দিহা নাম গাই গাই অংগনবাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.