Anganwadi workers protest: মাজুলীত দিহা নাম গাই গাই অংগনবাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:59 PM IST

thumbnail

মাজুলী, 9 অক্টোবৰ : মাজুলী জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনাবাড়ী কৰ্মীসকলে সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অংগনাবাড়ী কৰ্মী আৰু সহায়িকাক কৰ্মচাৰী হিচাপে স্বৃকীতি দিয়া, মাননিৰ সলনি মজুৰি দিব নোৱাৰালৈকে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী সহায়িকাক 11 হাজাৰ টকা মাননি আদায় দিয়া, গ্ৰেচ্যুয়িটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা আৰু মিনি কৰ্মীক এককালীন সাহাৰ্য ধন 20 অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত 9 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ অংগনাবাড়ী কৰ্মীসকলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । 

প্ৰতিবাদকাৰীসকলে কয় যে, চৰকাৰে এই দাবীসমূহ মানি লয় তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহক উদ্ধাৰ কৰক । চৰকাৰে অৰুণোদয় আচঁনিকে ধৰি বিভন্ন আচঁনি ৰূপায়ন কৰি বহু টকা দি আহিছে । গতিকে তেওঁলোকে কৰা কামৰ মূল্য দিয়ক । চৰকাৰে নাচনী, বিহুৱাসকলক গ্ৰীনিজ বুকত অভিলেখ কৰাৰ নামটো পইচা দিছে কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলক মাহী আইৰ চকুৰে চাইছে । হিমন্ত বিশ্ব শৰ্মাৰ পুতেক-জীয়েকৰ জোতাজোৰৰ দাম যিমান, আমাৰ দৰমহা তাতকৈও কম। 

লগতে পঢ়ক: Locals Demand Construction of Roads: জাল-জাকৈ লৈ তিতাবৰ নগাবাট ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.