Jayanta Malla Baruah arrives in Silchar:মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি চাবলৈ শিলচৰত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:44 PM IST

thumbnail

কৰিমগঞ্জ, 5 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি চাবলৈ শিলচৰত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ ৭ ছেপ্টেম্বৰত শিলচৰলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্রীৰ এই শিলচৰ ভ্রমণক লৈ প্রস্তুতি অব্যাহত আছে ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে শিলচৰ ভ্ৰমণৰ সময়ছোৱাত উদ্বোধন কৰিব কিছু দলং আৰু আৰক্ষীৰ অতিথিশালা ৷ মুখ্যমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি চাবলৈ মঙলবাৰে শিলচৰত উপস্থিত হয়গৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ৭ ছেপ্টেম্বৰত বিভিন্ন এজেণ্ডা হাতত লৈ এদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যাত্ৰা কৰিব । উক্ত দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বদ্ৰিছ সেঁতু, ডুংৰিপাৰ দলং, শিলচৰ অন্নপূৰ্ণা ঘাট দলং আৰু আৰক্ষী অতিথিশালা উদ্বোধন কৰিব  ৷ উদ্বোধনৰ পিচত শিলচৰ ক্ৰীড়া ময়দানত এখন সভা অনুষ্ঠিত হ’ব । আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰত উপস্থিত হৈ অন্নপূৰ্ণা ঘাট দলং আৰু বান্দ্ৰি দলঙকে ধৰি বিভিন্ন স্থান পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : CM Vigilance at Patharkandi : কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.