চকা বন্ধৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:03 PM IST

thumbnail

মিৰ্জা, 5 জানুৱাৰী : হিট এণ্ড ৰান আইনক সমৰ্থন জনাই চকা বন্ধৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ তেওঁ কয় যে, এই আইনে জনাসাধাৰণক বহুত সকাহ দিব ৷ কেন্দ্ৰীৰ চৰকাৰে বলবৎ কৰিবলৈ লোৱা হিট এণ্ড ৰান আইনক জনসাধাৰণ আৰু সংবাদ মাধ্যমে সমৰ্থন জনাব লাগে ৷ দুৰ্ঘটনা ৰোধৰ বাবে এই আইন সকলোৱে মানি লব লাগে বুলি মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷

আনহাতে ৰাজ্যজুৰি এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টো কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ পলাশবাৰীত গুণোৎসৱত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

শুকুৰবাৰে পলাশবাৰীৰ ৰামপুৰ শিক্ষাখণ্ডৰ মাধৱদেৱ হাইস্কুলত অনুষ্ঠিত হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ এই গুণোৎসৱত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিট এণ্ড ৰান আইনক সমৰ্থন জনাই চকা বন্ধৰ বিৰোধিতা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ 

লগতে পঢ়ক : যোৰহাট-গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.