ETV Bharat / state

যোৰহাট-গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:37 PM IST

Updated : Jan 5, 2024, 8:15 PM IST

Hit and Run Law : ৰাজ্যজুৰি গাড়ী চালকসকলৰ কৰ্ম বিৰতি পালন । স্তব্ধ হৈ পৰিছে সৰ্বসাধাৰণৰ দৈনন্দিন জীৱন । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাট আৰু গোলাঘাটতো কৰ্মবিৰতি পালন কৰে গাড়ী চালক সন্থাই । স্তব্ধ হৈ পৰিল যোৰহাট আৰু গোলাঘাটৰ সৰ্বসাধাৰণৰ জনজীৱন ।

Protest in Jorhat Golaghat
যোৰহাট, গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

যোৰহাট, গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

যোৰহাট/গোলাঘাট, ৫ জানুৱাৰী : গাড়ী চালক সন্থাৰ প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য । হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে গাড়ী চালক সন্থাই আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত । ব্যতিক্ৰম নহয় যোৰহাট, গোলাঘাটতো । সদাব্যস্ত ৰাজপথ হৈ পৰিছে স্তব্ধ ।

কেন্দ্ৰীয় চৰকাৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩ ৰ অধীনৰ হিট এণ্ড ৰাণ গোচৰৰ বিৰোধিতাৰে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাটৰ গাড়ী চালকসকলে । তেওঁ লোকৰ দাবী নতুন আইন বাতিল কৰক । কাৰণ উক্ত আইনৰ জৰিয়তে গাড়ী চালকজনে গাড়ী চলাই যোৱাৰ সময়ত যদি পথ দুৰ্ঘটনা সংঘটিত কৰে তেনেহলে চালকজনে ৭ লাখ টকা জৰিমনা আৰু ১০ বছৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত হ'ব ।

যাতায়ত বন্ধ হৈ পৰা ফলত স্কুল, কলেজ, কাৰ্যালয় আদিলৈ যাবলৈ ওলাই অহা লোকসকল বিপদত পৰা পৰিলক্ষিত হৈছে । আনহাতে এজন চালকে ৭ লাখ টকাৰ জৰিমনা ক'ৰ পৰা, কেনকৈ দিব সেয়াও এক ডাঙৰ প্ৰশ্ন । তাতোকৈ ডাঙৰ কথা কোনো চালকে দুৰ্ঘটনা সংঘটিত কৰোঁ বুলি নকৰে ।

চালকৰ ভুল নাথাকিলেও দুৰ্ঘটনা সংঘটিত হোৱাৰ নজিৰ বহু আছে । তেনে ক্ষেত্ৰত কেৱল চালককে জগৰীয়া কৰি এইদৰে শাস্তিৰ বিধান মানি ল'ব পৰা নাই এই চালকসকলে । সেয়ে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে । যোৰহাটৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ এই হিট এণ্ড ৰান আইনৰ বিৰোধিতা কৰি শুকুৰবাৰৰ পৰা সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ ৪৮ ঘন্টীয়া সৰ্বাত্মক চকা বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই ।

গোলাঘাট জিলাত এই চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় চৰকাৰে এই হিট এণ্ড ৰান আইন বাতিল নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ

Last Updated : Jan 5, 2024, 8:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.