ETV Bharat / state

দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:48 PM IST

Hit and Run Law : অমিত শ্বাহ মুৰ্দাবাদ, পৰিবহন মন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে কঁপাইছে দেৰগাঁৱৰ নেঘেৰিটিঙৰ ৰাজপথ ৷

Hit and Run Law
দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ

দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ

গোলাঘাট, 5 জানুৱাৰী : 'হিট এণ্ড ৰাণ' সন্দৰ্ভত ভাৰতবৰ্ষত বলৱৎ হ’বলৈ ওলোৱা ক’লা আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিঙত ড্ৰাইভাৰ, হেণ্ডিমেনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । অমিত শ্বাহ মুৰ্দাবাদ, পৰিবহন মন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে কঁপাই তোলে ৰাজপথ ৷

কেন্দ্ৰীয় চৰকাৰে "হিট এণ্ড ৰাণ' আইন উঠাই নল’লে 48 ঘন্টাৰ পৰৱৰ্তে পৰৱৰ্তী পৰ্যায়ত এই পৰ্তিবাদ অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ চলি থাকিব বুলি ভাবুকি দিয়ে । এই সময়চোৱাত ৰাজপথত কোনো ধৰণৰ ব্যৱসায়িক যান-বাহন চলাচল কৰাত বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

এই নতুন আইন অনুসৰি এজন চালকে যদি এজন লোকক খুন্দা মাৰে তেন্তে লোকজনক চালকে কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে কাষৰ আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷ যদি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ হৈ 10 বছৰৰ কাৰাদণ্ডৰ লগতে 7 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চালকজনে ৷ যদি চালকজনৰ কোনোধৰণৰ ভুল বা দোষ নাথাকে তথাপিও তেওঁৰ শাস্তি হোৱাটো নিশ্চিত ।

কেন্দ্ৰীয় চৰকাৰৰ এই "হিট এণ্ড ৰাণ' আইনৰ বিৰোধিতা কৰি আজিৰ পৰা সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো 24 ঘন্টীয়া সৰ্বাত্মক চকা বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই । কেন্দ্ৰীয় চৰকাৰৰ এই "হিট এণ্ড ৰাণ' আইন বাতিল নকৰিলে পৰৱৰ্তী কালত অনিদিষ্ট কালৰ বাবে চকা বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক: তিনিচুকীয়াত সদৌ অসম গাড়ী চালক সন্থাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.