Artificial Flood in Guwahati: ভৰলু শ্লুইছ গেট, শিলসাঁকো, বোন্দাজান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:24 PM IST

Updated : Oct 6, 2023, 10:29 PM IST

thumbnail

গুৱাহাটী,৬ অক্টোবৰ : বিগত দুদিন ধৰি জলমগ্ন গুৱাহাটী ৷ কৃত্ৰিম বানত ককবকাইছে মহানগৰবাসীয়ে ৷ মঙলবাৰৰ পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে মহানগৰীৰ বিভিন্ন অঞ্চল ৷ আহিনমহীয়া এই বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানৰ কবলত পৰি দুৰ্বিষহ জীৱন কটাব লগা হৈছে মহানগৰবাসীয়ে ৷

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে মহানগৰীৰ যিসমূহ নৈ অথবা শ্লুইছ গেট আছে সেই সমূহ শুকুৰবাৰে পৰিদৰ্শন কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে মেয়ৰ মৃগেন শৰণীয়াই ৷  

প্ৰথমে মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ ভৰলু শ্লুইছ গেট পৰিদৰ্শনৰ পিছত শিলসাঁকো আৰু ইয়াৰ পিছত বোন্দাজানস্থিত শ্লুইছ গেট পৰিদৰ্শন কৰে ৷ বিশেষকৈ মহানগৰীৰ কেইবাটাও নলাৰ পৰা পানী আহি শিলসাঁকোত পৰে আৰু সেই পানী বোন্দাজানৰ জৰিয়তে ব্ৰহ্মপুত্ৰত পেলোৱা হয় ৷ মন্ত্ৰী গৰাকীয়ে শিলসাঁকোৰে অতিৰিক্ত পানীসমূহ কেনেদৰে বৈ আছে অথবা আৰু কি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে কৃত্ৰিম বানৰ সমস্যা দূৰ হব তাক পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকী ৰুক্মিণীগাঁৱত উপস্থিত হয় ৷

লগতে পঢ়ক :  Protest in Guwahati : সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ

Last Updated : Oct 6, 2023, 10:29 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.