Protest in Sonitpur : ন্যায্য প্ৰাপ্তিৰ দাবীত তেজপুৰ আয়ুক্তৰ কাৰ্যালয়ত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:18 PM IST

thumbnail

তেজপুৰ, ৪ নৱেম্বৰ : শনিবাৰে উত্তাল হ’ল শোণিতপুৰ জিলা ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰবাৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজন কৰ্মচাৰীসকল ৷ মাননিৰ সলনি মজুৰি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বেৰীকেড ভাঙি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ।

শনিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেবাশ প্ৰতিবাদকাৰীয়ে ৷ এই প্ৰতিবাদকাৰীসকলৰ দাবী, কাম হেৰুৱা প্ৰায় ৫ শতাধিক ৰন্ধন কৰ্মীক এককালীন ৩ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰক চৰকাৰে ৷ উল্লেখ্য যে, এই প্ৰতিবাদীসকলৰ লগত CITU ৰ তৰফৰ পৰাও সক্ৰিয় সহযোগ প্ৰদান কৰে ।

এই প্ৰতিবাদকাৰীসকলে এক সমদল বাহিৰ কৰি তেজপুৰ চহৰৰ মাজেদি আদালত চাৰিআলি হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰে । কোনো সুৰক্ষা বাহিনীৰ লোক নথকাৰ সুযোগতে প্ৰতিবাদকাৰীসকলে আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু পৰৱৰ্তী সময়ত অতিৰিক্ত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি দাবী সম্বলিত পত্ৰও প্ৰেৰণ কৰে ।

প্ৰতিবাদকাৰীসকলে হাতে হাতে কাঁহী, বাতি, হেতা লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ স্থানত হোৱা হতাহতিৰ ফলত এগৰাকী মহিলা প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক : Corruption in road construction : আমগুৰিত বখলা-বখলে এৰিছে চাংমাই কোঁৱৰ গাঁও পথ, ৰাইজৰ প্ৰতিবাদত আধাতে এৰিলে নিৰ্মাণ কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.