ETV Bharat / state

বহু বুজনিৰ অন্তত সিদ্ধান্ত বাতিল; বিহু উদযাপনৰ অপৰাধত এঘৰীয়া হৈ থাকিব নালাগে 20 টা পৰিয়াল - Boycott From Society

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 4:39 PM IST

SIPAJHAR FAMILY BOYCOTT: বহু বুজনিৰ অন্তত অৱশেষত এঘৰীয়া কৰাৰ সিদ্ধান্ত উঠাই ল’লে ছিপাঝাৰৰ বামুণঝাৰৰ নাথ যোগী হৰিমন্দিৰ পৰিচালনা সমিতিয়ে ৷ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে বিছাৰিলে ক্ষমা ৷

SIPAJHAR FAMILY BOYCOTT
ছিপাঝাৰৰ বামুণঝাৰত পৰিয়াল এঘৰীয়াৰ সন্দৰ্ভত আলোচনা (ETV Bharat Assam)

ছিপাঝাৰৰ বামুণঝাৰত পৰিয়াল এঘৰীয়াৰ সন্দৰ্ভত আলোচনা (ETV Bharat Assam)

গুৱাহাটী, ১৭ মে’: দৰঙৰ ছিপাঝাৰৰ বামুণঝাৰত প্ৰতিফলিত হ’ল জাত-পাতৰ অৱক্ষয়ী মানসিকতা ৷ সেই মানসিকতাৰ ফলত আন সম্প্ৰদায়ৰ ৰাইজৰ লগত বিহু উদযাপন কৰাৰ বাবে ২০ টা পৰিয়ালক এঘৰীয়া কৰা আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ সমগ্ৰ ৰাজ্যবাসীয়ে নিন্দনীয় ঘটনাটোক গৰিহণা দিয়াৰ পিচত অঞ্চলটোৰ ৰাইজে কৰিছে ভুলৰ শুধৰণি ।

ছিপাঝাৰৰ বামুণঝাৰত বিহুত অংশগ্ৰহণ কৰি এঘৰীয়া হ’বলগীয়া হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ বুজ ল'বলৈ উক্ত স্থানত উপস্থিত হয় স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ লগতে কোচ-ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ ৷ জাত-পাতৰ এলান্ধুকলীয়া দীঘলীয়া সংঘাতৰ ফলশ্ৰুতিত জাতি-ধৰ্ম-বৰ্ণৰ উৰ্ধত সকলো মিলি উদযাপন কৰা বিহুত ভাগ লোৱাৰ বাবে এবছৰলৈ এঘৰীয়া কৰা হৈছিল বামুণঝাৰৰ ২০ টা পৰিয়ালক ৷ তদুপৰি জৰিমনা বিহা হৈছিল ১০ হাজাৰ টকাকৈ ।

উক্ত বিষয়টোক লৈ বাতৰি প্ৰচাৰ হোৱাৰ লগতে ৰাজ্যজুৰি ব্যাপক গৰিহণাৰ সন্মুখীন হোৱাৰ পিচতে তৎপৰ হৈ পৰে স্থানীয় প্ৰশাসন আৰু একাংশ সমাজ সচেতন লোক ৷ বৃহস্পতিবাৰে আবেলি বামুণঝাৰ নাথ-যোগী হৰি মন্দিৰৰ সন্মুখত দুয়ো পক্ষকে আহ্বান কৰি পূৰ্বৰ দৰে মিলি-জুলি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰে পাঠৰিঘাট ৰাজহ চক্ৰ বিষয়াগৰাকীৰ লগতে কোচ-ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে ।

ইফালে জৰিমনা আৰু এঘৰীয়া কৰা বাবে নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে ক্ষমা বিছাৰে নাথ যোগী হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে ৷ উল্লেখ্য যে, পূৰ্বৰ মতানক্যৰ বাবে বিহু উদযাপনত সহযোগ কৰা নাছিল স্থানীয় নাথ যোগী হৰিমন্দিৰ পৰিচালনা সমিতিয়ে । আনকি বিহু চাবলৈ যোৱাত নিজৰ খেলৰ লোকক দিছিল বাধা । কিন্তু বাধা নামানি বিহুত অংশগ্ৰহণ কৰাৰ বাবে এঘৰীয়া কৰা হয় পৰিয়ালকেইটাক ।

অৱশেষত প্ৰশাসন আৰু কোচ-ৰাজবংশী সন্মিলনীৰ নেতা প্ৰণৱ নাৰায়ণ দেৱৰ হস্তক্ষেপত এই বিতৰ্কৰ ইমানত ওৰ পৰিছে বুলি ৰাইজে ধাৰণা কৰিছে ।

লগতে পঢ়ক: বিহু উদযাপন কৰি এঘৰীয়া হ’ল 20টা পৰিয়াল; বিহা হ’ল জৰিমনাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.