Mid day meal employee hold protest: শ শ মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল সোণাৰি

By

Published : May 16, 2023, 10:24 PM IST

thumbnail

ডিব্ৰুগড়, 16 মে’ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি পাৰ হোৱাৰ পাচতেই ৰাজ্যত আৰম্ভ হৈছে আন্দোলনৰ জোঁৱাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰঙীণ বিজ্ঞাপন দি অভিলাষী আঁচনি ঘোষণা কৰিলেও চৰকাৰী বিভাগতে কাম কৰা কৰ্মচাৰীসকলৰ যেন সমস্যাৰ অন্ত পৰা নাই । আজি সেই কথাই সাব্যস্ত কৰিলে শ শ মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদে ৷

মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল চৰাইদেউ জিলাৰ সোণাৰি । মধ্যাহ্ন ভোজন কৰ্মী ইউনিয়নে সোণাৰিত ৰূপায়ণ কৰিলে অনশন কাৰ্যসূচী । অনাদায়কৃত বকেয়া মাননি অতি শীঘ্ৰে আদায়ৰ দাবী জনালে তেওঁলোকে । মাহৰ প্ৰথমটো সপ্তাহতে প্ৰতিমাহৰ মাননি আদায় কৰা লগতে বছৰটোৰ ১২ মাহৰ বাবে মাননী প্ৰদানৰো দাবী জনাই প্ৰতিবাদকাৰীয়ে । চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় দ্বি-শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত (mid day meal employee hold protest at Sonari) ৷

লগতে পঢ়ক : Rojgar mela 2023: ৰোজগাৰ মেলাৰে ১০ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য ভাজপা চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.