Assam-Meghalaya Border Row: অসমৰ ভূমিত মেঘালয়ে পাতিলে ৰাজহুৱা সভা

By

Published : Jan 5, 2023, 5:44 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ ভালুকমাৰীত অসমৰ ভূমিত মেঘালয়ে ৰাজহুৱা সভা আহ্বান কৰাক লৈ বৃহস্পতিবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়(Meghalaya Supporters Meeting at Assam land) । মেঘালয়ৰ সমৰ্থকে বকোৰ ভালুকমাৰীত বিদ্যালয় নিৰ্মাণৰ নামত ভূমি দখল কৰি এই ৰাজহুৱা সভাৰ আহ্বান জনায় । অসমৰ গাঁওবুঢ়া, লাট সভাপতিক খবৰ নিদিয়াকৈ ভালুকমাৰীত মেঘালয়ৰ সমৰ্থকে ৰাজহুৱা সভা আহ্বান কৰাৰ সম্ভেদ লাভ কৰাৰ পাছতেই উক্ত স্থানত অসমৰ গাঁওবুঢ়া, লাট সভাপতি উপস্থিত হয় ৷ তেওঁলোকে এই ৰাজহুৱা সভা পাতিবলৈ বাধা প্ৰদান কৰে যদিও মেঘালয় সমৰ্থনকাৰীসকলে অসমৰ গাঁওবুঢ়া, লাট সভাপতিসহ অসমৰ সমৰ্থনকাৰীক পহুখেদা দিয়ে । আনকি কেইবাজনো অসমৰ সমৰ্থনকাৰীক হতাহতি কৰে মেঘালয়ৰ সমৰ্থনকাৰীয়ে(Meghalaya supporter attacks Assam villager at Boko) । কোনোমতে দৌৰি দৌৰি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয় গাঁওবুঢ়া, লাট সভাপতিসহ অসমৰ সমৰ্থনকাৰী । তীব্ৰ উত্তেজনাৰ মাজতে মেঘালয়ে সম্পন্ন কৰে এই ৰাজহুৱা সভা । আনহাতে ৰাজহুৱা সভা ভংগ হোৱাৰ পাছতহে আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.