Landslides in Meghalaya: শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন

By

Published : May 27, 2023, 12:30 PM IST

thumbnail

কৰিমগঞ্জ, ২৭ মে’: মেঘালয়ৰ সোনাপুৰৰ শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰৰ পুৱতি নিশা সংঘটিত হয় ভয়াবহ ভূমিস্খলন (Landslides in Meghalaya) ৷ সোনাপুৰ সুৰংগৰ সম্মুখৰ পাহাড়ত ভূমিস্খলন হৈ ভগ্নাৱশেষবোৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সিঁচৰতি হৈ পৰে (Silchar Guwahati NH 6) ৷ যাৰ ফলত পথচোৱাত বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল  ৷  

এই পথটোৰে যান-বাহন চলাচলৰ উপযোগী কৰি তোলাৰ কাৰণে মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ কিন্তু এই পৰ্যন্ত পথটো মুকলি কৰিব পৰা হোৱা নাই ৷ অত্যাধিক বৰষুণৰ কাৰণে উদ্ধাৰ কামত অসুবিধাৰ সন্মুখীন হৈছে প্ৰশাসনৰ লোক (Massive landslide blocks Silchar Guwahati NH 6) ৷

এই পৰ্যন্ত কোনোধৰণৰ হতাহতিৰ খবৰ নাই যদিও ভূমিস্খলনৰ ফলত সম্প্ৰতি হাজাৰ হাজাৰ গাড়ী অঞ্চলটোত আবদ্ধ হৈ পৰিছে  ৷ উল্লেখ্য যে, বৰাক উপত্যকাসহ ত্ৰিপুৰা, মিজোৰামৰ সৈতে পথেৰে যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে এই পথটো ৷ ভূমিস্খলনৰ ফলত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই পথচোৱা বন্ধ হৈ পৰাত অসমৰ ৰাজধানী দিছপুৰসহ বহিঃৰাজ্যৰ সৈতে বৰাকৰ লগতে ত্ৰিপুৰা, মিজোৰামৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

লগতে পঢ়ক: Road accident in Darrang: নিযুক্তি-পত্ৰ লাভৰ এদিন পাচতেই চিৰদিনৰ বাবে হেৰাই গ’ল উজ্বল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.