Road accident in Darrang: নিযুক্তি-পত্ৰ লাভৰ এদিন পাচতেই চিৰদিনৰ বাবে হেৰাই গ’ল উজ্বল

author img

By

Published : May 27, 2023, 10:57 AM IST

Road accident in Darrang

উজ্বলে চাকৰি পোৱা খবৰে ঘৰখনলৈ কঢ়িয়াই আনিছিল আনন্দৰ বতৰা ৷ বৃহস্পতিবাৰে খানাপাৰাত অনুষ্ঠিত অসম চৰকাৰৰ বৃহৎ নিযুক্তি-পত্র বিতৰণ অনুষ্ঠানত (Assam Government Recruitment) উজ্বলে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰখন লাভ কৰাত ঘৰখনত উলাহে নধৰা হৈছিল ৷ কিন্তু বিধিৰ বিপাক ! নিযুক্তি-পত্ৰ লাভ কৰাৰ এদিন পাচতেই কোনোদিনে উভতি নহা পথেৰে গুচি গ’ল উজ্বল ৷

দৰং, ২৭ মে’: অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ অন্যতম আছিল দৰং বৰদৌলগুৰি ককাইতোলাৰ উজ্বল নাথ (২৬) ৷ গুৱাহাটীৰ খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত অসম চৰকাৰৰ বৃহৎ নিযুক্তি-পত্র বিতৰণ অনুষ্ঠানত নিযুক্তি পত্ৰও গ্ৰহণ কৰিছিল উজ্বলে (Assam govt mega recruitment ceremony) । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস ! উজ্বলে নিযুক্তি-পত্র লাভ কৰাৰ মাত্ৰ এদিন পিচতেই ঘৰখনলৈ নামি আহিল কালনিশা ৷ মূহূৰ্ততে ভাঙি থানবান হ’ল এটি পৰিয়ালৰ সপোন ৷ ধূলিসাৎ হ’ল পৰিয়ালটোৰ সকলো স্বপ্ন ৷

দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় উজ্বল (Road accident in Darrang) ৷ মঙলদৈৰ পৰা এজন বন্ধুৰ সৈতে ঘৰৰ অভিমুখে আহি থকা সময়তে এখন ট্ৰাকৰে মুখামুখি সংঘৰ্ষ হয় উজ্বলৰ বাইকৰ (Biker killed in road accident) । এই ঘটনাত থিতাতে নিহত হয় উজ্বল ৷ ইফালে বাইকত উজ্বলৰ লগত অহা যুৱকজন এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় । স্থানীয় লোকৰ সহযোগত তেওঁ ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক: Amit Shah in Assam : বিজেপি চৰকাৰৰ দিনত বহুত আগবাঢ়িছে অসম: অমিত শ্বাহৰ দাবী

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ ২৫ মে'ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি-পত্ৰ লাভ কৰিছিল উজ্বল নাথে । কিন্তু নিযুক্তি পত্ৰ লাভৰ মাত্ৰ এদিন পাচতেই অকাল মৃত্যুক আঁকোৱালি লয় উজ্বলে ৷ উজ্বলে নিজ বাসগৃহৰ সমীপৰ বৰদৌলগুৰি চ’কত বিপৰীত মুখী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

ইফালে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: Amit Shaha Assam Visit : বৃহস্পতিবাৰে অসমলৈ আহিব অমিত শ্বাহ; গুৱাহাটীত জাৰি বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.