জোনাইৰ লম্বা মিছিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 4:42 PM IST

thumbnail

জোনাই , ৩ ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাইৰ চমকং পঞ্চায়তৰ অন্তৰ্গত লম্বা মিছিং গাঁৱত যোৱা নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । এই গাঁওখনৰ বানেশ্বৰ কুটুম নামৰ লোকজনৰ বাসগৃহত শনিবাৰে নিশা ১১ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত নিমিষতে দুটা ঘৰ ভস্মীভূত হয় । ফলত কেইবালাখ টকাৰ সা-সম্পত্তিৰ লগতে মূল্য়বান নথি-পত্ৰ জুইত জাহ যায় ।

এই অগ্নিকাণ্ডৰ ঘটনাৰ কাৰণৰ বিষয়ে সঠিক ভাবে জানিব পৰা হোৱা নাই যদিও পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই অগ্নিকাণ্ডত এজন লোক গুৰুতৰভাৱে আহত হয় । জুই নুমুৱাবলৈ ৰাইজে আপ্ৰাণ চেষ্টা চলায় যদিও সক্ষম নহ'ল ।

লগতে পঢ়ক:তথ্যভিক্তিক অভিযোগ আজিলৈকে কোনেও কৰিব পৰা নাই: পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.