তিনিচুকীয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:10 AM IST

thumbnail

তিনিচুকীয়া, 5 ডিচেম্বৰ : সোমবাৰে নিশা তিনিচুকীয়াৰ ৰঙাগড়া পথৰ দূৰ্গাবাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ ফলত অগ্নিদগ্ধ হৈ ৰাজেশ প্ৰসাদ ওৰফে চটকাৰ নামৰ এজনৰ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ কিন্তু কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও জানিব পৰা নাই ৷ ঘটনা অনুসৰি, দূৰ্গাবাৰীৰ ৰাজেশ প্ৰসাদ ওৰফে চটকাৰ বাসগৃহত জুইৰ সূত্ৰপাত হৈছিল ৷

স্থানীয় ৰাইজৰ এই সন্দৰ্ভত কয় যে, বাসগৃহটোত অকলে বসবাস কৰি আছিল ৰাজেশ প্ৰসাদ নামৰ লোকজন ৷ কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা নাই বুলি উল্লেখ কৰে ৰাইজে ৷ ৰাইজে কয়, ‘‘ বহু সময় ধৰি অগ্নিদগ্ধ হৈ চটফটাই আছিল ব্যক্তিজন ৷ জুই নিৰ্বাপন কৰিবলৈ আমি চেষ্টা কৰিছিলো ৷ কিন্তু আমি জুই নিৰ্বাপন কৰে মানে ব্যক্তিজনৰ নিহত হয় ৷’’

ইফালে নিশাই ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ডিৰাক কপাহতলিৰ সেনা চাউনীৰ সমীপত গ্ৰেণেড উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.