ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ জয় নিশ্চিত : মিঠাই বিতৰণ কৰি হৰ্ষোল্লাস বিজেপি কৰ্মীৰ - Lok sabha election results 2024 - SARABANANDA SONOWAL WINS

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ জয় নিশ্চিত, মিঠাই বিতৰণ কৰি হৰ্ষোল্লাস বিজেপি কৰ্মীৰ (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 3:40 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 4 জুন : 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে 613996 টা ভোটেৰে জয়ৰ দিশে প্ৰায় নিশ্চিত হৈছে ৷ ইয়াৰ পিচতে 
ডিব্ৰুগড়ত ভোটগণনা কক্ষৰ বাহিৰত দেখা গৈছে বিজেপি কৰ্মী-সমৰ্থকৰ আনন্দ উল্লাস ৷ দলীয় কৰ্মী-সমৰ্থকসকলৰ মাজত পৰিলক্ষিত কৰা হৈছে ব্যাপক উছাহ ৷ ইতিমধ্যে ষ্ট্ৰং ৰূমৰ বাহিৰত সমবেত হৈছে শ শ বিজেপি নেতা-কৰ্মী ৷ 

লগতে পঢ়ক: ক্ৰমাৎ আকৰ্ষণীয় অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট : ধুবুৰীত পিছ পৰিছে বদৰুদ্দিন আজমল, যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

আনুষ্ঠানিক ঘোষণালৈ এতিয়াও বহু সময় বাকী আছে যদিও বিজেপি নেতা-কৰ্মীসকলে মিঠাই বিতৰণ কৰি, বিহুগীত গাই, নাচি আনন্দ-উল্লাস কৰিছে ৷ বিজেপি দলৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই এই বিজয় উৎসৱত অংশ লৈ এয়া ডিব্ৰুগড়বাসীৰ বিজয় বুলি উল্লেখ কৰে ৷ অসমত বিজেপি দলে 12 খন আৰু সমগ্ৰ দেশত 340 খনৰ অধিক আসন লাভ কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details