Fire breaks out at Baghbar : বৰপেটাৰ বাঘবৰত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Apr 10, 2023, 12:20 PM IST

thumbnail

বৰপেটা, ১০ এপ্ৰিল : বৰপেটাৰ বাঘবৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out at Baghbar) । এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় ৭ খনকৈ দোকান (Massive fire breaks out at Baghbar in Barpeta) ৷ বাঘবৰ হাইস্কুলৰ সন্মুখত থকা এখন চাহৰ দোকানৰ পৰা এই জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, উক্ত চাহৰ দোকানখনত চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লগতে পঢ়ক : Fire breaks out at GMCH : GMCH ত ভয়ংকৰ অগ্নিকাণ্ড; ৰোগীৰ মাজত হাহাকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.