Fire Incident: বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:16 PM IST

thumbnail

বঢ়মপুৰ, 13 নৱেম্বৰ: কামপুৰ দৰঙীয়াল গাঁৱত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে । দেওবাৰৰ পুৱতি নিশা হোমেশ্বৰ নাথৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ 

ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এটা খৰি ৰখা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ভঁৰাল ঘৰৰো বিস্তৰ ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে । দীপাৱলীৰ ফটকাৰ পৰা অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে হোমেশ্বৰ নাথৰ পৰিয়ালৰ লোকে । গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ প্ৰথম অৱস্থাত চেষ্টা কৰে যদিও সফল নোহোৱাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ।

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে । অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি হোৱা বুলি হোমেশ্বৰ নাথৰ পৰিয়ালে জানিব দিয়ে ।

লগতে পঢ়ক: Fire Incident: দীপাৱলীৰ উচাহৰ মাজতে তিনিচুকীয়াত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.