Massive explosion: পুৰণি দিৰিয়েল চাহ বাগিচাৰ সমীপৰ অইলৰ তেল খাদত ভয়ংকৰ বিস্ফোৰণ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 11:30 AM IST

thumbnail

মৰাণ, 20 অক্টোবৰ : ৰাজ্যত দুৰ্গা পূজাৰ ব্যাপক আয়োজনৰ মাজতেই বৃহস্পতিবাৰে নিশা দুলীয়াজানত অইলৰ এটা পৰিত্যক্ত তেল খাদত এটা ভয়ংকৰ অঘটন সংঘটিত হয় । এই ভয়ংকৰ বিস্ফোৰণৰ পাচতেই খাদটোৰ পৰা ভয়ংকৰ গতিত নিৰ্গমন হয় গেছ আৰু তেল। পুৰণি দিৰিয়েল চাহ বাগিচাৰ লাইনৰ নিচেই কাষত পৰিত্যক্ত অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৬৭ নম্বৰ তেল খাদটোত সংঘটিত হয় এই ঘটনা। দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা তেল খাদটোত এতিয়া যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ আশংকাৰ কৰা হৈছে ৷ এই ঘটনাই অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । 

এই ঘটনাৰ খবৰ পাই  অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনির্বাপক বাহিনী আৰু অইলৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে ৷ অইলৰ বিভাগীয় অভিযন্তা, কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ গেছ বন্ধ কৰাৰ চেষ্টা চলাই যদিও এই মুহূৰ্তলৈকে বন্ধ হোৱা নাই গেছ আৰু তেল নিৰ্গমন । কোনো দুষ্ট চক্ৰই পৰিত্যক্ত খাদটোৰ পাইপ ফুটাই তেল চুৰি কৰিবলৈ বিচৰাৰ সন্দেহ অইল কৰ্তৃপক্ষৰ। 

আনহাতে স্থানীয় ৰাইজে পুৰণি অইলৰ তেল পৰিবাহী পাইপ মেৰামতি নকৰা বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Charged against assault and rioting : অধিবক্তাৰ গাত হাত তোলা লাটমণ্ডলৰ বিৰুদ্ধে কিয় নীৰৱ বঙাইগাঁও প্ৰশাসন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.