Food Poisoning in KarbiAnglong: হাওৰাঘাটত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ বিদ্যালয়ৰ শিক্ষক সহ ছাত্ৰ-ছাত্ৰী

By

Published : Mar 29, 2023, 12:07 PM IST

thumbnail

ডিফু, 29 মাৰ্চ: হাওৰাঘাটত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১২ গৰাকীকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সহ শিক্ষক ৷ স্থানীয় এখন হোটেলৰ পৰা অনা চাওমিন খাই অসুস্থ হৈ পৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটস্থিত শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক আৰু ছাত্ৰ -ছাত্ৰীসহ মুঠ ১২ গৰাকীকৈ লোক (Food poison at school in KarbiAnglong) ৷  

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে বিয়লি বিদ্যালয়ত প্ৰকল্পৰ কামত ব্যস্ত থকা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে স্থানীয় প্ৰতাপ দাস নামৰ এজন ব্যক্তিৰ হোটেলৰ পৰা ক্ৰয় কৰি অনা চাওমিন খোৱাৰ পিছতেই আটাইয়ে পেটৰ বিষত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ হৈ পৰে ৷ অসুস্থ সকলক ততাতৈয়াকৈ হাওৰাঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় (Food poison at school in Howraghat)৷  

ইতিমধ্যে হাওৰাঘাট আৰক্ষীয়ে হোটেলৰ গৰাকী প্ৰতাপ দাসক থানালৈ আনি সোধ-পোচ কৰি তদন্ত আৰম্ভ কৰিছে ৷  বাতৰি যুগুতোৱা পৰলৈকে অসুস্থ দুগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Food Poisoning in KarbiAnglong) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.