Conflict over land at Moirabari : মৈৰাবাৰীত ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

By

Published : Mar 7, 2023, 9:18 PM IST

thumbnail

ধিং, 7 মাৰ্চ : মৈৰাবাৰীৰ লেংৰিবৰীত অঘটন ৷ মঙলবাৰে মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱত দুটা ফৈদৰ মাজত সৃষ্টি হয় এক ভূমি কেন্দ্ৰিক সংঘাত (Conflict over land at Moirabari) ৷ এই  সংঘাতত আহত হয় দুই ফৈদৰ কেইবাজনো লোক ( Many people injured in a clash between two families at Moirabari) ৷

আহতসকলৰ নাম ক্ৰমে গুলজাৰ হুছেইন, দিলোৱাৰ হুছেইন, মুস্তফা আহমেদ, আকিবুৰ ৰহমান, নেকিবুৰ ৰহমান, হাজেৰা খাতুন, য়াছমিনা খাতুন, ৰমিছা খাতুন, কুলছুমা খাতুন, সাছমিনা খাতুন বুলি জানিব পৰা গৈছে ৷ ইয়াৰে আবু শ্বহীদ ৰুকিয়া খাতুন আৰু উমে হাবিবাৰৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আহত দুয়োকে ইতিমধ্যে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

মৈৰাবাৰী আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মঙলবাৰে দুপৰীয়া প্ৰায় 2:30 বজাত এই ভূমি কেন্দ্ৰিক সংঘাতৰ বিষয়ে লাভ কৰিছিল এক খবৰ ৷ সেই খবৰৰ ভিত্তিতেই ঘটনাস্তলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিত ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে ঘটনা সন্দৰ্ভত কোনো পক্ষৰ পৰা আৰক্ষীয়ে লাভ কৰা নাই এজাহাৰ ৷ সেয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব পৰা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মৈৰাবাৰী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : Clash Between Two Families: হত্যাৰ গোচৰক লৈ দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট; আহত 10 গৰাকী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.