Fish Market at Kaliabor : চুলুং বজাৰত মাছৰ উজান

By

Published : Jan 14, 2023, 2:13 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি মাঘৰ উৰুকা (Bhogali Bihu 2023) ৷ উৰুকা নিশা হাঁহে-মাহে সকলো দোষ-ভাগৰ এৰি লগে ভাগে এসাজ খাবলৈ মন মেলিছে ৰাজ্যবাসীয়ে ৷ সেয়ে পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ মাঘৰ উৰুকাৰ পুৱতি নিশাই লোকাৰণ‍্য হ’ল কলিয়াবৰৰ চুলুং পাইকাৰী মাছৰ বজাৰ ৷ হেতা-ওপৰা লাগিছে গ্ৰাহকৰ মাজতো (Many people gather at Kaliabor fish market) ৷ প্ৰায় ৩০ লক্ষাধিক টকাৰ মাছৰ ব্যৱসায়ৰে ভোগালীক আদৰিছে অসমৰ অন্যতম পাইকাৰী মাছৰ বজাৰ কলিয়াবৰৰ চুলুং বজাৰে । শিলঘৰীয়া, চিতল, বৰালী, ৰৌ, বাহু, ঢেকেৰা আদি মাছ আজি কোনে কিনিব ? ইফালে পূৰ্বৰ তোলনাত বৃদ্ধি পাইছে মাছৰ দামো । তথাপিও বছৰেকৰ বিহুটিৰ বাবে উচ্চ দামতো একাংশ গ্ৰাহকে ক্ৰয় কৰিছে ৪ ৰ পৰা ১২ কেজি ওজনৰ চিতল-বৰালী ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.