অ’ পাকলি মোক নামাৰিবি ঐ বুলি কওঁতেও দিলে দা মাৰি!

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:19 PM IST

thumbnail

তিতাবৰ, 28 নৱেম্বৰ : শোৱনি কোঠাত মনে মনে সোমাই আছিলহি সি ! চোপ লৈ আছিল কেতিয়া সুবিধা মিলিব ডকাইতি কৰাৰ ৷ আবেলি প্ৰায় চাৰিমান বজাৰ কথা ৷ কপাল বেয়া আছিল বৃদ্ধা নিৰুমাই গগৈৰ ৷ ঘৰ সাৰি সাৰি ঘৰৰ ভিতৰলৈ সোমাই যাওতেই পিছে পিছে সোমাই যায় সি, চিধা পাইগৈ শোৱনি কোঠা ৷ পিচত শোৱনি কোঠালৈ গৈ অকস্মাতে তাক দেখি নিৰুমাই গগৈৰ প্ৰশ্ন, ইয়াত কি কৰিছ ? প্ৰত্যুত্তৰত সিফালৰ পৰা ক’লে- এনে আহিছো ৷ লোকৰ শোৱনি কোঠালৈ এনে কিয় আহিবি বুলি উভতি ধৰোতেই পিছফালৰ পৰা সোপা ধৰিলে সি নিৰুমাই গগৈক ৷

হিংসাত্মক ৰূপত তাক দেখি নিৰুমাই গগৈয়ে কাবৌ-কোকালি কৰিছে, ‘মোক নামাৰিবি ঐ, এৰি দে ঐ’, কিন্তু তাৰ পাচতো হৃদয় নগলিল দানৱৰূপী দুঠেঙীয়াৰ ৷ ডিঙিত চেপা মাৰি ধৰাৰ লগতে দিলে পিছফালৰ পৰা দাৰে ঘপিয়াই ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিৰুমাই গগৈ ৷

তেনে সময়তে বৃদ্ধা গৰাকীৰ জোঁৱায়েক কেশৰাম বৰা বাগানৰ পৰা আহি গাড়ী ৰখাই চোতালত উপস্থিত হওঁতেই মাৰিলে মাৰিলে বুলি চিঞৰাৰ ফলত পলাই যায় ডকাইতি কৰাৰ নামত অভিযুক্ত পাকলি বৰুৱা ৷ প্ৰাপ্ত খবৰ মতে, চাউদাং পথাৰ বাৰিছোৱাৰ পট্টিৰ ঘেন্ধীয়া বৰুৱাৰ পুত্ৰ পাকলি বৰুৱা ওৰফে কুচিয়া নাম থকা এটা দুধৰ্ষ লোক ৷

বৃদ্ধা গৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধা গৰাকীক ততাতৈয়াকৈ মেৰাপানী সমুহীয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মেৰাপানীৰ সমুহীয়া চিকিৎসালয়ে গোলাঘাটৰ কুশল কোঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ মহিলাৰ মৃতদেহ; পৰিকল্পিত হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.